Showing posts with label Poems. Show all posts
Showing posts with label Poems. Show all posts

Sunday, December 29, 2019

*সোণৰ অসম জ্ৱলিছে*

*সোণৰ অসম জ্ৱলিছে*

দাউ-দাউকে জ্ৱলিছে জুই।
দুৱাৰৰ ফাকে দি ধুৱাৰ মাজে-মাজে উৰিছে ছাই।
মনৰ ক্ষুব্ধ অংগীকাৰে বতৰ বনাইছে আৰু ৰুদ্ৰ।
ঘৰৰ বাহিৰলৈ ওলাই আহিলে আমাক কয় অভদ্ৰ।
ক'ত ৰাখিছ' তোৰ প্ৰেম কৰি আবদ্ধ?

সোণৰ অসম, আমাৰ অসম।
হৃদয়খন ফালি দেখাও যদি হনুমানৰ দৰে।
এতিয়াও দেখা পাবি তাত অসমখন থাকে।
যিদৰে অসমখন হিন্দুস্তানত থাকে।
ইয়াত কোনো মতভেদ নাথাকে।

বৈ যা মহাবাহু তই।
ধুই নে পূৰ্বোত্তৰৰ সকলো দুখৰ বোজা।
নিদিবি, নালাগে আমাক আৰু বোজা, নকৰিবি আৰু আমাক কুঁজা।
লৈ যা তোৰ লগত তোৰ সোঁতত বৈ অহা আলহীক ঘৰলৈ।
ৰাতিৰ চেগ চাই আহিছিল এবেলি।
আৰু তেজ নোবোৱাবি আমাৰ।
তেজৰ ঠাইত তেজ বব'।
কিন্তু অসম সদায় অসমীয়াৰে ৰব'।

শান্তিত থকা বাসিন্দা আমি ইয়াৰ।
এইখন নহয় কংগ্ৰেছৰ ঘৰ না বিজেপিৰ ঘৰ।
ইয়াত চলচ্চিত্ৰ হৈ চলে আমাৰ অংগীকাৰ।
এন-আৰ-চিৰ মূল্য কি ৰ'ল যদি বাহিৰাগত আক্ৰমণক ৰুধিবই নোৱাৰি।
কোনফালে দেশ গ'ল? ইমান বছৰি কি কৰিলি?
অসমখনক প্ৰতাৰণা কৰিলি, চাকৰিৰ নাম লৈ বছৰি-বছৰি হাবাথুৰি খুৱালি।
সময় খালি, চৰকাৰ চলালি কিন্তু কি দিলি, আমি দিয়া মূল্যবান ভোটৰ বলি।

যদি প্ৰজাৰে তন্ত্ৰ হয়, তেতিয়া প্ৰজাৰ মত গ'ল কলৈ।
যদি মাত মাতিলেই আমি অন্তৰ্ঘাতক হৈ যাওঁ, তেতিয়াহলে ইমান বছৰি অসম চুক্তি গ'ল কিয় খালৈত?
সুধিবলৈ আছে প্ৰশ্ন শতকুৰি।
কিন্তু কেতিয়াও সুধিব খোজা নাই প্ৰশ্ন এককুৰি।
বিশ্বাস কৰিছোঁ যেতিয়া বিশ্বাস দিব।
দিম দিম বুলি কৈ বিশ্বাসঘাটকতা নকৰিব। 
দিয়ক আমাক শান্তিত থাকিব।
নহ'লে তেজৰ ঠাইত তেজ বব'।
তথাপিও অসম সদায় অসমীয়াৰে ৰব'।

কুমাৰ কৃষ্ণ শৰ্মা।

Wednesday, December 4, 2019

**এন্ধাৰ**

**এন্ধাৰ** 


কিয় আহিছা আকৌ মোৰ জীৱনলৈ? 

ইমান ভাল পোৱানে মোক তুমি? 

নাহিবা, কাবৌ কৰিছোঁ, মোৰ জানা তোমালৈ 

বৰ ভয় লাগে। 

অলক্ষিত হৈ ৰয় মোৰ পথ তোমাৰ উপস্থিতিত। 

এটায়ে মাত্ৰ সৰণী তিৰেবিৰাই এন্ধাৰৰ সঙ্গতিত। 

য'ত সকলো আশা ধুৱা হৈ উৰা মাৰে বতাহ এচাতিত। 

এজাক প্ৰেমৰ বৰষুণৰ অপেক্ষাত আছিলোঁ মই আৰু তেওঁ শুনিছিল মোৰ প্ৰাৰ্থনা

আহিছিলএজাক বৰষুণ মোৰ জীৱন 

তিতি থাকিব খুজিছিলোঁ সেই বৰষুণ জাকৰ প্ৰতিতো টোপালত । 

য'ত এন্ধাৰৰ প্ৰতিতো আৱৰণ ম্লান যায় প্ৰেমৰ সাগৰত 

সপোন বোৰেও যেন পুনৰ ৰং সানিব ধৰিছিল । 

ৰামধেনুৰ সাতোৰঙৰ দৰে হাঁহিবলৈ শিকাইছিল । 

এনে লাগিব ধৰিছিল যেন জীৱনটো সঁচায়ে বৰ ধুনীয়া। 

কিন্তু এতিয়া আকৌ সেই আগৰ দৰে নাই। 

আমি ভালপাওঁ বুলিলেতো জীৱনত এন্ধাৰ নহাকৈ নাথাকে । 

শব্দ শুনিছা , হৃদয় ভঙাৰ ? 

নাই নুশুনিবা, নালাগে শুনিব। 

কাৰণ তুমি যে মোৰ জীৱনৰ এন্ধাৰ ।  


- কমল কৃষ্ণ শৰ্মা

Friday, November 1, 2019

**কেৱল তুমি**

**কেৱল তুমি** 

তুমি তিমিৰ ৰাতিৰ ক্ৰন্দসীৰ দীপিকা। 
তুমিবিহীন জীৱন এক ভঙা কাঠৰ দলঙৰ সজীয়া। 
সৌ সিদিনা লগ পাইছিলো তোমাক মোৰ মৰমী। 
তুমি মোৰ আৰু বিয়পি পৰিছা মোৰ ৰক্তাক্ত সিৰাৰ ভিতৰি। 
যি দৰে তেজ বৈ যায় হৃদযন্ত্ৰৰ পৰা দেহৰ অন্য সৈন্যলৈ, তুমি পাৰ হৈ যোৱা বতাহ এচাটিয়ে মোক কৰে মহাৰ্ঘ আকৰিক। 
তুমি আলসুৱা খোজ দি অলিৰ কাষেৰে আহি ভৰিৰ তলুৱাৰে ঘাঁহৰ ওপৰত লাগি থকা নিয়ৰৰ টোপাল কেইটা গছকি যোৱা। 
এনে লাগে যেন এটা অদৃশ্য মনিন্দ্ৰৰ খনিত পুৱতি প্ৰভাতৰ প্ৰতিফলনে ৰামধেনু চতিয়াঁই কৈছে তাইলৈ চোৱা। 
চোৱা তাইৰ বাউলী চুলি আৰু হাঁহিৰ মহামিলন। 
ফাগুনৰ বতাহ যাকেও যেন ক্ষিপ্ত হৈ কেৰিমেৰি যাই কৰিছে আদ্য প্ৰেমৰ কৃতিত্বৰ আস্ফালন। 
লাহী কঁকালৰ ভাজ দেখিবলৈ সাইলাখ এটা কুৰুংৰ দৰে। 
য'ত দূৰৈৰ পৰা ভাহি অহা তাইৰ চিক-চিক পায়েলৰ শব্দই যেন মোক সন্মোহিত কৰে। 
অবতৰিয়া তেকিত মেৰিয়াই লোৱা কমলা আৰু ৰাতুল বৰণীয়া পচম। 
তোমাৰ তনুৰুচিৰ উমত গুণ হয় মোৰ চিৰসেউজীয়া মৰম। 
তুমিয়েই মোৰ প্ৰেয়সী, তুমিয়েই মোৰ মৰম, তোমাৰ কাতৰ স্পৰ্শত প্ৰাণ পাই শৰৎৰ পখিলাবোৰে। 
উৰি গৈ সিহঁতে ডেডাউৰি মাৰে তুমি আহিছা বুলি। 
দুহাত মেলি মই ৰৈ আছোঁ তুমি আহি চুলিৰ খোপাটি খুলি নম্যতাৰে মোৰ আননত পৰশ দিবা আৰু কেৰাহিকৈ মোলৈ চাবা। 

  • কুমাৰ কৃষ্ণ শৰ্মা। 


*Words and meanings™- 

• ক্ৰন্দসী- Sky 

• দীপিকা- Moonlight 

• সজীয়া- Resemblance 

• অন্য সৈন্য- Relating with other organs of body 

• মহাৰ্ঘ- Costly 

• আকৰিক- Ore 

• আলসুৱা- Delicate 

• মনিন্দ্ৰ- Diamond 

• ক্ষিপ্ত- Insane 

• কেৰিমেৰি- Zigzag 

• আদ্য- First 

• আস্ফালন- Roar 

• কুৰুং- Gorge 

• তেকি- Cold 

• ৰাতুল- Red 

• পচম- Wool 

• তনুৰুচি- Body 

• ডেডাউৰি- Shout 

• নম্য- Gentle 

• আনন- Face

Tuesday, October 29, 2019

**ফটিকা**

**ফটিকা**

তোৰ মুখৰ ভিতৰৰ সেই ৰক্ত-জবা দালে কেৱল লৰচৰ কৰে।
আজি খাওঁ, কালি খাওঁ বুলি ঘনাই চিঞৰে।
কি কৰিবি তই? 
নাখালেও নোৱাৰি, খাবলৈ যাই যাওঁ আঠ ভৰিত।
অলপ ৰৈ যা।
তোৰ অবয়বক অপমান কৰি যাবি কলৈ।
সদ্যহতে পৰি ৰবি তই গভীৰ খালৈত।
প্ৰকৃততে যকৃতত তই নিতৌ নৱ-নৱ্য দ্ৰাবক ধাল'।
শেষত গৈ তোৰ নিস্পাপ কলেৱৰত ভেষজৰ ৰং তৰ'।
কি ভুল আছিল তোৰ আই জনিৰ?
নজনাকে তোক জন্ম দি আজি আদবাটতে ৰৈ থাকে,‌ যেন তই আহি ভাত দুমুঠি খাই যাবি।
আজিও বুটলিবলৈ ৰৈ থাকে তোৰ পিৰিচৰ পৰা সৰি পৰা সেই অমল-লেখিয়া তণ্ডুল।
খালি তই, মৰিলি তই, তথাপিও পৰশুৰাম হৈ দেখাও সেইতো তোৰ আইৰ ভুল।
নুবুজিবি তই, নুশুনিবি তই, মাৰিবি তই, মৰিবি তই, এদিন-দুদিনকৈ তিলিকতে যাবি ক্ষয়।
তিমিৰ ৰজনীৰ কোলাত অলিয়ে-গলিয়ে কৰ' তত্ত্ৱাৱধায়ক-গিৰী।
আলপৈচান ধৰোঁতা নাই, নাই তোৰ কোনো তলব। 
অদৃশ্য কল্পনাৰ সন্মুখত দেখাইচ' তোৰ অহেতুক গৰব।
তই কোন?
তই এজন অপদাৰ্থ মদাহী।
তোৰ জীৱনতো এটা কলমৰ দৰে য'ত নাই কোনো চিয়াঁহী।

- কুমাৰ কৃষ্ণ শৰ্মা।

Words and meanings

• ফটিকা- Alcohol
• ৰক্ত-জবা- As of now we can relate it with our tongue
• খাবলৈ যাই যাও আঠ ভৰিত- Four people carrying a dead body to the cremation ground
• অবয়ব- Shape
• কলেৱৰ- Body
• যকৃত- Liver
• নৱ-নৱ্য- New new
• দ্ৰাবক- Acid
• ভেষজ- Medicine
• অমল-লেখিয়া- White coloured
 • পিৰিচ- Plate
• তণ্ডুল- Rice
• তিমিৰ- Dark
• ৰজনী- Night 
• তত্ত্ৱাৱধায়ক-গিৰী- Janitor
• তলব- Salary

Friday, March 1, 2019

°বেশ্যা•

°বেশ্যা•

ঐ সময় একপল ৰৈ যা।
তাইৰ শব্দই বিভীষিকা কৰা দেৱাল কেইখন ভাঙি যা।
মছি দে তাইৰ অলাগতীয়াল ওষ্ঠৰঞ্জনী।
অলিন্দত সৰি যোৱা ফুলৰ পাহিবোৰ তাই বুটলি ফুৰে আজি।
সহিব লাগিব তাই আজীৱন যন্ত্ৰনা।
কোনে বুজিব তাইৰ জীৱনৰ বাসনা।
তুমি, মই, আমি, সানি দিছোঁ কেৱল যাতনা।
প্ৰেক্ষাপট তোমাৰ, কি বক্তব্য দিবা তুমি?
অসৰহ তেজৰ দাগ লগা কালিকা ৰাতিবোৰ কিদৰে জুখিবা তুমি?
তাই ইচ্ছাকৃতভাৱে যোৱা নাই।
তাইৰ ওপৰত ভাৰ; সমাজৰ ভাৰ, পৰিয়ালৰ ধাৰ।
নিঃশব্দে বাঙ্ময়ৰ চিৎকাৰ।
সেই ভাৰবোৰে তাৰতম্য কৰিলে তাইৰ শৈশৱৰ মৰমিয়াল স্মৃতিবোৰ।
আমি নাজানো তাইৰ উখহা নদীখনৰ ধাৰ।
ইফালৰ পৰা সিফাললৈ আমি কেৱল চিঞৰিছোঁ, ঐ চা,তাই এজনী বেশ্যা।

- কুমাৰ কৃষ্ণ শৰ্মা।


PS- Some words to keep in mind

*ওষ্ঠৰঞ্জনী- Lipstick
*অলিন্দ- Veranda
*বিভীষিকা- Terror
*বাঙ্ময়- Something that can be expressed with words
*চিৎকাৰ- Holler
*তাৰতম্য- Fluctuation
*উখহা- Dissident

Thursday, November 2, 2017

THAT BEGGAR FROM 6th STREET

THAT BEGGAR FROM 6th STREET 

Days, demand, duty are familiar words to us.. 
Family, success is where serenity occurs... 
I was walking down a pavement one evening.. 
Saw a beggar eating loaf with nothing.. 
Nothing like jam, butter or any beverages.. 
But he was happy with what he has.. 
Some coins tinkling on his plate.. 
He saw me and asked me in his own gesture.. 
Can you make me happy by giving me some coins ? 
His eyes were looking dull.. 
Like he was waiting for a reward from his life.. 
Behaving  jolly and cheerful without possessing any wealth.. 
Sitting down on a torn carpet.. 
Acting like he was Aladeen and I am his genie.. 
I asked him, how can you survive each day like today? 
Without food and water.. 
Waiting from someone non-existent to help you clean your own dirt. 
How can you find mirth in greed? 
He smiled, looking at me.. 
Looked up and said.. 
'Thank you for making me believe that I'm like you.. 
A human, someone's father too.. 
Most of the people neglect me because i expected something from them.. 
My mouth was aching without talking for ages.. 
People come and go but silently I too Hope.' 
And he Looked down and started counting the coins on his plate.. 
I gave him a cheeky smile and started walking.. 
With a lesson worth remembering.

-KUMAR KRISHNA SARMA 

[P.S.- please help the poor peoples. They don't expect much from you. At least most of us can afford to give least of 10 Rs. It is nothing compared to those we waste on some big restaurant. This poem is really based on a true event except the beggar was speaking to me in Assamese instead of English. Thankyou. Lord Shiva bless you all]

*Irresolute U-turn of the world*

*Irresolute U-turn of the world*   World is a safe place, a place where human civilization thrived and flourished over time. A ...