**অসংখ্য তৰাৰ বাট বিচাৰি ৩**
• তৃতীয় খণ্ড •
অমৃত্যই কৰোবাৰ পৰা ছাগলী দুটা ধৰি লৈ আহিল আৰু সেইটো পদ্মনাভৰ ওচৰত কেঁচা-কেঁচাই
চোবাই খাব ধৰিলে। অমৃত্যই ছাগলীৰ হাড় চোবাই গুৰি কৰি গুৰি-গাখীৰৰ নিচিনা
কৰি পেলালে। তাৰ চোবাই থকা শব্দ আৰু এখন আধাভঙা কাঠৰ দলংৰ শব্দ প্ৰায়
একেই।
• পদ্মনাভ- ইমান জোৰে জোৰে চোবাব লাগেনে? আপুনি চোন এজন মহামান্য ভূপতি আছিলে বুলি শুনিছিলোঁ। চেহ, মিছাকৈ কলে নেকি যিজনে মোক কৈছিল। খকুৱা ৰজাহে হ'ব লাগিছিল।
• অমৃত্য- ঐ, মনে মনে থাক। বেছি যদি ফুচুৰি মশৃন কৰি কথা কৈ থাক', তোৰ হাড় চোবাই খাম এইবাৰ।
• পদ্মনাভ- খায়েই থৈছে চোন! মোক কেৱল আপুনি আৰু ওপৰত থকা পৰমেশ্বৰে হে দেখা পাই।
তৰাৰ মখমলি উৰা চাদৰ উৰি ৰজনীয়েও যেন কিবা ক'ব খুজিছে। প্ৰভাকীটৰ বাৰেভঁজীয়া ৰাস্তা সলনি আৰু শশীকৰৰ তীক্ষ্ণ পোহৰৰ পিনে চাই এনেকুৱা লাগে যেন কৰোবাৰ এখন ডাঙৰ কাঁহীৰ পৰা শানিত পোহৰৰ প্ৰতিফলন আহি ব্যোমত পৰিছে। পদ্মনাভে মনে মনে ক'বলৈ ধৰিলে, ৱাহ কি সুন্দৰ ঠাই, আমি এনেই চোন ভয় কৰো। ইয়াত অলক্ষিত বহুতো জেগা আছে। এয়াই লিপিচ, গোটেই মুলুকখিনি লোমা-লোমে চাই ল'ব লাগিব আৰু চোৱা সময় নহ'বও পাৰে।
বাৰু দ্বিতীয় প্ৰশ্নৰ বাবে সাজু নে তই? অমৃত্যই পদ্মনাভক উদ্দেশ্যে ক'লে।
• পদ্মনাভ- ওহ। সুধক সোনকালে।
• অমৃত্য- বাৰু, ত্যাগ মানে কি?
•
পদ্মনাভ- ত্যাগ হ'ল জীৱনৰ আটাইতকৈ সুকীয়া অমোল উপহাৰ। ত্যাগ মানেই
পিতৃ-মাতৃৰ সন্তানৰ বাঞ্ছাৰ কাৰণে নিজৰ আকাংক্ষাৰ পৰিত্যাগ কৰা। ত্যাগ
সকলোৱে কৰিব নোৱাৰে। এজন ব্যক্তি তেতিয়া মহামান্য হয় যেতিয়া সি ত্যাগৰ
আছল তাৎপৰ্য বিচাৰি পায়। কাৰণ ত্যাগে প্ৰেমক নজৰানা হিচাপে বিচাৰে। প্ৰেম
সচৰাচৰ দৈনন্দিন জীৱনত কৰোবাৰ নহ'লে কাৰোবাৰ পৰা পোৱাই যায় কিন্তু ত্যাগ
মলিন মনেৰে কেতিয়াও নহয়। আপুনিও এজন ত্যাগি কাৰণ ইমান বছৰ হোৱা পিছতো
আপুনি আপোনাৰ স্বাধীনতা বিচৰা নাই।
• অমৃত্য- বাৰু, তৃতীয় প্ৰশ্নৰ বাবে সাজু আছ'নে?
• পদ্মনাভ- সুধক, আজি মই সম্পুৰ্ণৰূপে সাজু। আপুনি সাজুনে?
• অমৃত্য- পৃথিৱীৰ সকলোতকৈ শক্তিশালী কোন?
• পদ্মনাভ- উমমম... ভাবিব লাগিব।
• অমৃত্য- নাই নাই। সোনকালে ক'।
পদ্মনাভে তমশা বাবাই দিয়া যাদুৰ পাথৰতো গিলি দিলে আৰু বাবাই কোৱা মতেই
হ'ল। পাথৰতোৱে তাক প্ৰশ্নতোৰ উত্তৰটো দিয়াত বেচ সহায় কৰিলে।
• অমৃত্য- কি চাই আছ'? সোনকালে ক', নহ'লে মোৰ লিগিৰা হৈ থাক।
•
পদ্মনাভ- পৃথিৱীৰ আটাইতকৈ শক্তিশালী হ'ল আই। আইৰ শক্তিৰ সন্মুখত কাৰো
শক্তিক ৰিজাব নোৱাৰি। সন্তানৰ জন্ম হোৱাৰ আগেয়ে আই যুঁজে, সন্তান জন্ম
হোৱাৰ পিছত সন্তানৰ মনোৰথৰ হৈ যুঁজে, শেষত সিঁহতৰ সন্তানৰ পৰা মৰম বিচাৰি
হাবাথুৰি খাই যুঁজে। ইমান শক্তি চাগে স্ৱয়ং ঈশ্বৰৰো নাই। আপোনাৰো নাই।
• অমৃত্য- ৱাহ, তই বেচ মনতো প্ৰলোভনেৰে জিতিব জানো চোন। এইয়া ল' তোৰ উপহাৰ।
(অমৃত্যই হাতেৰে কিবা ভংগিমা কৰি পদ্মনাভৰ দেহতো বতাহৰ মাজৰ পৰা উলিয়াই আনি তাৰ জীৱাত্মাটোক আকৌ তাৰ কায়াৰ ভিতৰত সুমাই দিলে।)
• অমৃত্য- আহ, বহ ইয়াত। তোক আজি মই মোৰ কাহিনী কম। কিয় মই ইয়াত বন্দি হৈ ৰ'লো।
• পদ্মনাভ- মই জানো আপুনি কিয় ইয়াত বন্দি হৈ ৰৈছে। আপুনি পঞ্চগ্ৰন্থ খন চল-চাতুৰিৰে আঁজুৰিব খুজিছিল।
•
অমৃত্য- মই নিজেই একো কৰা নাছিলোঁ। সেই সন্মুখত থকা হাবিখন দেখিছনে? সেই
জংঘলখনৰ নাম হ'ল ওপ্সিল । তাত থকা ডাইনীজনী বহুত শক্তিশালী। ইয়াত মোৰ
মিথিল আছিল। সেই ডাইনীজনীৰ শাপত মই আজি এনেকে বন্ধ কোঠালীৰ বতাহৰ দৰে ৰুদ্ধ
হৈ ৰ'লো। তোৰ নক্সাৰ দুটা অংশ তাইৰ লগত আছে আৰু মোৰ মুক্ত হোৱাৰ সমিধানতো
তাইৰ লগতে আছে।
•
পদ্মনাভ- তো আপুনি কি বিচাৰে? মই নক্সাখনৰ ভাগ কেইতা নিজেই আনিব লাগিব?
মই, মই অকলে পাৰিম জানো? আপুনি নিজৰ কাম মোৰ দ্বাৰা কৰাব খোজা নাই তু?
অমৃত্যই কথাসাৰ শুনাৰ লগে-লগে তাৰ মুখখন খংত জুইত একেলেথাৰিয়ে থৈ দিয়া
লোহাৰ নিচিনা ৰঙা হৈ পৰিল আৰু জাঙুৰ খাই উঠি বজ্ৰপাতৰ নিচিনা গৰজি উঠিল।
• অমৃত্য- তই মোক কি ভাবিছ', মোক তোৰ সহায় লাগে? তই মোক তোৰ ভৃত্য বুলি ভাবিব ইমান সাহ ক'ত পালি? এটা কথা মনত ৰাখ মোৰ অবিহনে তই এটা ক্ষণ তিষ্টিব নোৱাৰ'।
• পদ্মনাভ- হ'ব হ'ব। মই যাম নহয়, খং কিয় কৰিব লাগে। মই বচ সুধি চাইছিলো। মনে মনে পদ্মনাভে নিজকে ক'লে ( ভাল বাচিলো, নহ'লে আৰু খাই থ'লে হৈ মোক)
•
অমৃত্য- যাহ এতিয়া। আৰু ৰহ, দেৱীমাৰ আঙুঠিটো লগত লৈ যা। ই তোক সকলো
অমংগলৰ পৰা বচাব। যোৱা আগতে আঙুঠিটো মাতিত লগাই ঠাইদোখৰ অনঘ কৰি থৈ যা।
বেয়া ছায়া পৰিব আজি বহু বছৰ হৈ গ'ল, আজি অবশেষত ঠাইডোখৰ পবিত্ৰ হ'ব।
পদ্মনাভে দেৱীৰ আঙুঠিটো হাতত পিন্ধি লৈ হাত খন মুঠি মাৰি মাতিত লগাই দিলে
আৰু ওপ্সিলৰ জংঘলত থকা চৰাই আৰু জন্তুৰ তৰ্জন-গৰ্জনত নিষ্কম্প
পাৰিপাৰ্শ্বিকক ভাঙি হঠাৎ এক উখলমাখল বাতাবৰণৰ সৃষ্টি হ'ল।
• পদ্মনাভ- কি? কি হৈছে এইবোৰ? জন্তবোৰে ইমান কোলাহল কিয় কৰিছে?
•
অমৃত্য- তই নক্সাখন আনিব সাজু আৰু তাই তোৰ লগত যুঁজিব সাজু। তাৰেই সংকেট
দিছে আমাক। মনত ৰাখিবি তই যি দেখো সেইটো সঁচা নহ'বও পাৰে। তাইক মাৰিবলৈ তোক
বল নহয় বুদ্ধি লাগিব।
• পদ্মনাভ- মই তাইক কেনেকৈ মাৰিম?
• অমৃত্য- তোৰ সকলো প্ৰশ্নৰ উত্তৰ পঞ্চগ্ৰন্থখনে দিব।
পদ্মনাভে
দেৱীৰ আঙুঠিটোৰ পিনে এবাৰ চালে আৰু ওপ্সিল অভিমুখী লুং-লুঙীয়া ৰাস্তা এটা
লৈ আগবাঢ়ি গৈ থাকিল। ৰাতিৰ ঘিট-মিট অন্ধকাৰ আৰু তৰাবহুল আকাশৰ তলত এটা
সময়ৰ পিছত সি ক্লান্ত পৃথিৱীৰ কোলাত ধুৱাৰ নিচিনা বিলিন হৈ গ'ল।
To be continued.....
-কুমাৰ কৃষ্ণ শৰ্মা।
° Words and meanings°
• ভূপতি- King
• প্ৰভাকীট- Fire-fly
• বাৰেভঁজীয়া- Zigzag
• শশীকৰ- Moon
• কৰ্কৰ- Mirror
• শানিত- Sharp
• ব্যোম- Sky
• অলক্ষিত- Unexplored
• লিপিচ- Chance
• লোমা-লোমে- Entirely
• অমোল- Priceless
• নজৰানা- Gift
• লিগিৰা- Servant
• ৰিজনি- Compare
• জীৱাত্মা- Soul
• কায়া- Body
• মিথিল- Kingdom
• ভৃত্য- Servant
• অনঘ- Holy
• নিষ্কম্প- Calm
• পাৰিপাৰ্শ্বিক- Environment
No comments:
Post a Comment