**সন্ধ্যাতৰা ৪**
• সমাপ্ত •
......আচ্ছা তুমিয়ে কোৱা এতিয়া তাই মোৰ তেজৰ সম্পৰ্কৰ হয় নে নহয়?
• ড্ৰাইভাৰ- হয় দাদা। তাত সুধিবলগীয়া একো নাই।
•
ঈশিৰ- কংকনে মোৰ পত্নীক লগ পাইছিল এইজনীয়ে কাম কৰা হস্পিটালত। মোৰ পত্নী
ধাতৃ আৰু মই এজন চিকিৎসক। তাৰ চিকিৎসাৰ দায়িত্ব মোৰ আছিল। এটা দুৰ্ঘটনাত
সি নিজৰ অভিজ্ঞান হেৰুৱাইছিল আৰু তাৰ পিছৰ পৰা সি অবিৰতভাৱে আমাৰ
দৃষ্টিনিক্ষেপত আছিল। তাৰ অৱস্থা শোচনীয় হোৱা কাৰণে মই নিজেই কাহিনী এটা
সৃষ্টি কৰিবলৈ বাধ্য হ'লো। কিন্তু সি কাহিনীতো ইমান বেছি গভীৰভাৱে ল'ব বুলি
মই কেতিয়াও আশা কৰা নাছিলোঁ। তাৰ নিজৰ দেউতাকে তাক কিমান বাৰ লগ কৰিব
আহিছিল কিন্তু সি তাৰ আৰু নিসৰ্গৰ মাজৰ ব্যৱধানতো বুজিবই নোৱাৰিলে।
• ড্ৰাইভাৰ- আচ্ছা দাদা, নিসৰ্গ কোন হয়?
•
ঈশিৰ- নিসৰ্গ বুলা চৰিত্ৰতো কংকনৰ মগজুৰ প্ৰযোজনা। সি আচলতে আমাৰ মাজত নাই
কিন্তু তাৰ কাৰণে সি আছে কৰোবাত, যিতো কাৰণে অবশেষত তাৰ পিতৃ এ নিজক তাৰ
ওচৰত নিসৰ্গৰ পিতৃ হিচাপে পৰিচয় দিব ধৰিলে।
• ড্ৰাইভাৰ- হে ভগৱান! মানে সি তাৰ নিজৰ দেউতাককে মাৰি পেলালে, আপোনাক ফোন কৰি কিয় মাতিছে এতিয়া?
• ঈশিৰ- হয়তো তাৰ মুৰৰ ভিতৰত থকা ভাইৰাছটোৱে এতিয়া কিবা নতুন অধ্যায়ৰ পাতনি মেলা আৰম্ভ কৰিছে।
•
ড্ৰাইভাৰ- পিশাচ চাল্লা। বেয়া নাপাব দাদা গালি পৰা বাবে, ওলাই গ'ল।
(ড্ৰাইভাৰ জনে অস্পষ্টভাৱে মুখৰ ভিতৰতে দুই-তিনিতা গালি পাৰি ধেমাজি
তিনিআলিৰ পৰা ডিব্ৰুগড় অভিমুখি ৰাস্তা ল'লে)
• ড্ৰাইভাৰ- দাদা এটা প্ৰশ্ন আছিল মোৰ সুধিব পাৰোঁ নে? (ঈশিৰে মুৰ দুপিয়াই সুধা অনুজ্ঞা দিলে)
আপুনি কাঞ্চনক তেখেতৰ ঘৰলৈ কিয় পঠিয়ালে?
•
ঈশিৰ- কংকনক হস্পিটালত ৰখাতো অসম্ভৱ হৈ গৈছিল সেইবাবে মই তাক আমাৰ ঘৰলৈ লৈ
আহিছিলোঁ কিন্তু পিছত সি মোৰ পৰিয়ালৰ লগত এনেকে মশৃন হৈ গ'ল যে মই আৰু
তাৰ পিতৃ মিলি ঠিৰাং কৰিলোঁ যে তাইক এইবোৰৰ মাজত ৰখাতো ঠিক নহ'ব। সেইকাৰণে
মই বুঢ়া মানুহজনৰ লগত তাইক পঠিয়াই দিলোঁ। দৰাচলতে সি মোৰ পৰিয়ালক নিজৰ
পৰিয়াল ভাবি মানি চলিব ল'লে আৰু এদিন হঠাৎ ঘৰৰ পৰা নাইকীয়া হৈ গ'ল।
এতিয়া সি এটা এটাকৈ সকলোকে মাৰি পেলোৱা অভিপ্ৰায় ৰাখিছে। হয়তো সি মোৰ
আৰু তাৰ পিতাকৰ কথোপকথন শুনিছে আৰু সেইবাবে সি তালৈ গৈছে।
ড্ৰাইভাৰজনে
টিংখংৰ সেই লুংলুঙিয়া ৰাস্তাতোৰে গৈ ঘৰ পাওঁ পাওঁ অৱস্থাত গাড়ীখন ৰখালে
আৰু চাৰিজনে গাড়ীৰ ভিতৰৰ পৰা নামিল। ঈশিৰে জোৰেৰে ডেডাউৰি মাৰিলে (কংকন
ক'ত তই, মাজনি তই ক'ত) আৰু ইফাল-সিফাল চাব ধৰিলে।
• কংকন- কোন?
• ঈশিৰ- মই ঈশিৰ, চিনি পাইছনে?
• কংকন- ও ঈশিৰ, আহ আহ ভিতৰত সুমাই আহ। (সিহঁত চাৰিজনে কংকনক অনুকৰণ কৰি ঘৰৰ ভিতৰলৈ সুমাই গ'ল)
• কংকন- এইজনীয়ে ইয়াত কি কৰিছে? কংকনে দ্বিতীয় মহিলাজনীক আঙুলি টোৱাই ক'লে আৰু পিছফালে গুজি ৰখা দাখন উলিয়াই ল'লে।
• ঈশিৰ- শান্ত হচোন অলপ, দাখন আতৰ কৰ। এইজনী মোৰ মাহীৰ ছোৱালী, তাই ধেমাজিত থাকে। তই কেনেকৈ চিনি পা?
•
কংকন- তাইক ট্ৰেইনত দেখিছিলো আৰু মোক বহুত মাৰিছে আৰু মোৰ ছোৱালীজনীক লগ
ধৰিলে মাৰিব বুলি কৈছিল। হঠাৎ কংকনৰ চকু পিছপিনে চুচুক-চামাককৈ লুকাই থকা
তিৰোতা এজনিৰ ওপৰত পৰিল আৰু সি মিচিকিয়া হাঁহি এটা মাৰি ক'ব ধৰিলে।
অনাদ্যা তুমিও আহিছা? ব'লা আমি তিনিও যাওঁ ইয়াৰ পৰা বুলি কৈ সি অনাদ্যাৰ
ফালে চোঁচা মাৰি আহিল।
(ড্ৰাইভাৰজনে কংকনক পিছফালৰ পৰা ধৰিব চেষ্টা কৰিছিল কিন্তু কংকনে দাখন হঠাৎ তাৰ পিনে ঘুৰাই হাতত মাৰি দিলে)
•
কংকন- ঐ, কৈ দিছোঁ, মোৰ ওচৰত কোনো নাহিবি, নহ'লে, চব্বকে মাৰি পেলাম আৰু
ঈশিৰ তই চোন মোৰ লগৰ, তই মোৰ লগত এনেকুৱাখন কেনেকে কৰিব পাৰিলি? চব মতলবি
আজিকালি, মোক কোনেও শান্তি নিদিয়ে। তহত চব মৰিবি এতিয়া বুলি কৈ চাৰিওপিনে
দাখন বতাহত অহৰহে ঘুৰাব ধৰিলে (মাহীয়েকৰ ছোৱালীজনীয়ে কথা বিসম দেখি
ততাতৈয়াকৈ পুলিচক খবৰ দিলে)।
ঈশিৰে বতাহ এগাল মান তাৰ গ্ৰাসনলীৰে গিলি লৈ মনত অপৰ্য্যাপ্ত সাহ গোটাই
ওচৰৰে বেৰত লাগি থকা মোটোহা ডাং এদাল হাতত লৈ স-শক্তিৰে দুই-তিনিবাৰ কংকনৰ
মুৰত প্ৰহাৰ কৰিলে।
শৰৎ ঋতুত যিদৰে বতাহৰ লাহি ঠেকা এটাত গছৰ পাত দালৰ পৰা খহি পৰে থিক সেইদৰে
কংকন মাতিত ধলি পৰিল। ঈশিৰে নিজৰ চাৰ্টৰ পৰা কপোৰ এচটা ফালি ড্ৰাইভাৰ জনৰ
হাতত বান্ধি দিলে আৰু তাৰপিছত কাঞ্চনক কোলাত লৈ তিনিওজনৰ উচুপনিৰ শব্দই
অমেধ্যক ভাঙি এক মৰমৰ চক্ৰবাতৰ সৃষ্টি কৰিলে।
কংকনে
লী-লিয়া ভাজেৰে গৈ মাতিত পৰি থকা দাখন হাতৰ মুঠিত খামুচি লৈ ওচৰৰ বিচনা
খনত আঁউজি ৰ'ল। মুৰৰ পৰা তাৰ অতিকায় তেজ বৈ থকা দেখি ঈশিৰে তাৰ পিনে চাই
তাৰ ক্ষন্তেকিয়া কঠোৰ মনতো মমৰ নিচিনা গলি পমি গ'ল।
• ঈশিৰ- ৰহ ৰহ, ঐ গামোচা খন ক'ত আছে দিছোঁন।
• কংকন- নালাগে মোক একো। যা তহত ইয়াৰ পৰা। মোক তঞ্চকৰ পাৰ্টি এটাই ঘেৰি ৰাখিছে। যা বুলিছো যাহ ইয়াৰ পৰা।
• ঈশিৰ- চা কংকন, ভাই তোৰ এতিয়াও ভ্ৰম শেষ নাই হোৱা। তোক মই একেবাৰে ভাল কৰি তুলিম। বল মোৰ লগত। কিয় খং কৰিচ' কচোন?
• কংকন- মই ভালেই চোন, তহতে মোক ভুল ভাব', একেই জীৱন, চলি যাব দে। মোৰনো কোন আছে আপোন বুলিবলৈ?
• ঈশিৰ- ৰহ, মই ইহতক গাড়ীত উঠাই থৈ আহি আছোঁ তোৰ ওচৰত। তই এইতো নাভাবিবি যে তোৰ কোনো নাই, তোৰ কাৰণে মই আছোঁ।
এইবুলি
কৈ ঈশিৰে পিছমুখ দি যাব লওতে কংকনে ঠিয় হৈ দাখনৰে ঈশিৰৰ গলত সজোৰে ঘাও
মাৰি দিলে আৰু পাহাৰৰ ওপৰত থকা ডাঙৰ শিল এটা খহি পৰিলে যিদৰে ওচৰ-পাজৰৰ
এলেকা বোৰ এটা-এটাকে ধ্বংস কৰি গুচি যায় সেইদৰে ঈশিৰৰ মুৰতো খহি পৰি ওচৰৰ
সকলো স্থল মজাৰলিৰ গতিত অলক্তৰাগ কৰি গ'ল।
কংকনে তাত ধলি পৰিল আৰু ক'লে চব ম....ৰি...বি আৰু সি তাত পৰি ৰৈ অনাদ্যাৰ ফালে হাতখন বঢ়াই দিলে।
• কংকন- অনাদ্যা, চব শে..ষ। এতিয়া যাবৰ হ'ল।
• অনাদ্যা (কাতৰ চিঞৰেৰে)- ঈ...শি...ৰ।
• কাঞ্চন- দেউতা....।
আৰু
সিহঁত ঈশিৰৰ ভৰিত পৰি কংকনৰ পিনে কৌতূহল, কাতৰ আৰু ক্ষুব্ধভৰা দৃষ্টিৰে
চাই ৰ'ল। দূৰৈত ছাইৰেনৰ আৱাজ আৰু কংকনৰ চকুৰ মনিত ছাপি ৰ'ল পুলিচৰ গাড়ী
আৰু এম্বুলেন্স খন তাৰ পিছে-পিছে। কংকনে ছাইৰেনৰ পোহৰ তোলে আঙুলিয়াই ক'লে
সেইয়া চা সন্ধ্যাতৰা আহিছে।
**শেষ**
- কুমাৰ কৃষ্ণ শৰ্মা।
*Words and meanings*
• ধাতৃ- Nurse
• অভিজ্ঞান- Memory
• অবিৰতভাৱে- Continuous
• দৃষ্টি নিক্ষেপ- Watching somebody up-close( Patients)
• প্ৰযোজনা- Creation
• অনুজ্ঞা- Permission
• মশৃন- Mixed
• অভিপ্ৰায়- Resolution
• কথোপকথন- Conversation
• ডেডাউৰি- Shout
• অনুকৰণ- Follow
• অহৰহ- Continuously
• গ্ৰাসনলী- Oesophagus
• অপৰ্য্যাপ্ত- Plenty
• মোটোহা- Thick
• অমেধ্য- Unholy
• চক্ৰবাত- Cyclone
• লী-লিয়া- Wriggle
• অতিকায়- Enormous
• তঞ্চক- Cheater/ Thugs
• মজাৰলি- Fire ant
• অলক্তৰাগ- Red
No comments:
Post a Comment