**এন্ধাৰ**
কিয় আহিছা আকৌ মোৰ জীৱনলৈ?
ইমান ভাল পোৱানে মোক তুমি?
নাহিবা, কাবৌ কৰিছোঁ, মোৰ জানা তোমালৈ
বৰ ভয় লাগে।
অলক্ষিত হৈ ৰয় মোৰ পথ তোমাৰ উপস্থিতিত।
এটায়ে মাত্ৰ সৰণী তিৰেবিৰাই এন্ধাৰৰ সঙ্গতিত।
য'ত সকলো আশা ধুৱা হৈ উৰা মাৰে বতাহ এচাতিত।
এজাক প্ৰেমৰ বৰষুণৰ অপেক্ষাত আছিলোঁ মই আৰু তেওঁ শুনিছিল মোৰ প্ৰাৰ্থনা।
আহিছিল এজাক বৰষুণ মোৰ জীৱনত।
তিতি থাকিব খুজিছিলোঁ সেই বৰষুণ জাকৰ প্ৰতিতো টোপালত ।
য'ত এন্ধাৰৰ প্ৰতিতো আৱৰণ ম্লান যায় প্ৰেমৰ সাগৰত।
সপোন বোৰেও যেন পুনৰ ৰং সানিব ধৰিছিল ।
ৰামধেনুৰ সাতোৰঙৰ দৰে হাঁহিবলৈ শিকাইছিল ।
এনে লাগিব ধৰিছিল যেন জীৱনটো সঁচায়ে বৰ ধুনীয়া।
কিন্তু এতিয়া আকৌ সেই আগৰ দৰে নাই।
আমি ভালপাওঁ বুলিলেতো জীৱনত এন্ধাৰ নহাকৈ নাথাকে ।
শব্দ শুনিছা , হৃদয় ভঙাৰ ?
নাই নুশুনিবা, নালাগে শুনিব।
কাৰণ তুমি যে মোৰ জীৱনৰ এন্ধাৰ ।
- কমল কৃষ্ণ শৰ্মা
No comments:
Post a Comment