Saturday, November 9, 2019

**সন্ধ্যাতৰা ৩**

**সন্ধ্যাতৰা ** 

  তৃতীয় খণ্ড 

কংকনে মৃতদেহটো চোঁচৰাই লৈ গৈ ঘৰৰ পিছফালে থকা জংঘলত থৈ দি হাতখন গলত মেৰিয়াই লোৱা গামোচা খনত মচি 'লে। হাতেৰে অপক্ক গছৰ পাতবোৰ দোপাকী-তেপাকী চাৰিওপিনে চালি-জাৰি চালে যে কোনোবাই চাই থকা নাইতো। অৱশেষত ঘৰৰ বাহিৰত থকা তাৰ বেগখনৰ পৰা ডাঙৰ দা এখন উলিয়াই লৈ মৃত শৰীৰতো টুকুৰা-টুকুৰ কৰাত ব্যস্ত হৈ 'ল।  
কাঞ্চন- ককা, ক'ত তুমি? (কাঞ্চনে ইফাল-সিফাল আৰু চাৰিওফালে চাই ককাকক নোপোৱাত ঘৰৰ অলিন্দত বহি মাতিত অ, আ, ক, খ লিখিব ল'লে।) 
   হঠাৎ হাবিয়নিৰ পৰা অহা এটা উদ্ভট নাদে কাঞ্চনৰ লিখা মগ্নতা ভংগ কৰি দিলে আৰু আজি দ্বিতীয় বাৰৰ বাবে কংকন আৰু কাঞ্চনৰ চকুত চকু পৰিল। দুয়ো দুয়োকে একান্ত মনে ক্ষন্তেক সময়ৰ বাবে একেথিৰে চাই ৰ'ল। কংকনে শোনিতক্ত দেহেৰে কাঞ্চনক কোলাত উঠাই লৈ দাখন পিছফালে ককালত গুজি ল'লে।  

•কাঞ্চন- তুমি কোন? 
•কংকন- মই তোমাৰ উমমমম.. বহুত দুৰৰ পৰিজন এজন, তুমি যেতিয়া সৰু আছিলা তেতিয়া তোমাক মই কোলাত লৈ এনেকে ঢেৰ কুটকুটনি দিছিলোঁ। 
•কাঞ্চন- মই বহুত সৰু আছিলোঁ ন'? 
•কংকন- তুমি ইমান মান আছিলা (কংকনে হাতেৰে দেখুৱালে)। 
•কাঞ্চন- ককা ক'ত? 
•কংকন- ককাই তোমাৰ কাৰণে চকলেট আনিব গৈছে মুনু,মই পইচা দিছোঁ। চাও দাত কেইটা, চাও, চাও, চাও (এইবুলি কৈ কংকনে কাঞ্চনক ঘৰৰ ভিতৰলৈ লৈ গ'ল)। 
     ঈশিৰে খবৰতো পোৱা লগে-লগে গাড়ী এখন ভাৰাত লৈ ডিব্ৰুগড়লৈ ওলাল। ৰাস্তাত এটাই চিন্তা লৈ সি ৰুমালখন উলিয়াই বাৰে বাৰে তাৰ মুখখন মচিব ধৰিলে। ড্ৰাইভাৰ জনে তাৰপিনে চাই সুধিলে দাদা চব ঠিকে আছেতো? ঈশিৰে  এটা মিথ্যা হাঁহি মাৰি তাক ক'লে চব ঠিকেই আছে দিয়া। ঈশিৰে মনৰ ভিতৰি-ভিতৰি ক'লে সি তাইক মাৰি পেলোৱা নাইতো? হঠাৎ ঈশিৰে চকুৰে জলক-তবক দেখা আৰম্ভ হ'ল আৰু সি গাড়ীৰ ভিতৰতে চিঞৰি উঠিল আৰু ড্ৰাইভাৰক উদ্দেশ্যি ক'লে খৰকে চলা নহ'লে তাই মৰিব আজি বুলি কৈ কাঞ্চনৰ অতিতৰ কথা ড্ৰাইভাৰ জনৰ আগত ক'ব ধৰিলে। তাই মোৰ ছোৱালী, মোৰ আৰু সি এইটো নাজানে যে অনাদ্যা বাছি আছেনে নাই। কংকনে আধা সত্যৰ পোচাক পিন্ধি ডিব্ৰুগড়লৈ গৈছে। আচলতে অনাদ্যা এতিয়াও জীয়াই আছে। সি সিমিত জানে, যিমানখিনি মই তাক জানিব দিছিলোঁ। সি নিজৰ দেউতাকক মাৰি এতিয়া ৰজা হৈ মোৰ ছোৱালীজনীক তাৰ লগত ৰাখিছে। এওঁ অনাদ্যা , মোৰ পত্নী(ঈশিৰে গাড়ীৰ পিছফালে বহি থকা তিৰোতা জনীলৈ আঙুলি টোৱাই দেখুৱালে)।  
  
To be continued...... 

 -কুমাৰ কৃষ্ণ শৰ্মা। 

*Words and meanings* 

• অপক্ক- Unripe 

• দোপাকী-তেপাকী- Zigzag 

• অলিন্দ- Veranda 

• হাবিয়নি- Jungle 

• উদ্ভত- Strange 

• শোনিতক্ত- Bloody 

• পৰিজন- Relative 

No comments:

Post a Comment

*Irresolute U-turn of the world*

*Irresolute U-turn of the world*   World is a safe place, a place where human civilization thrived and flourished over time. A ...