Thursday, January 2, 2020

*অসংখ্য তৰাৰ বাট বিচৰি ২*

*অসংখ্য তৰাৰ বাট বিচৰি * 

দ্বিতীয় খণ্ড 


পদ্মনাভে হাতৰ পুষ্পাঞ্জলীখিনি মুৰৰ ওপৰত তিনিবাৰ ঘুৰাই কলং নৈত বিসৰ্জন কৰি দিলে আৰু অদৃশ্য নক্সাখনৰ সন্ধানত মেৰপাকৰ জংঘল নাপাওঁতে নাওখন ৰখালে। তৰীৰ পৰা নামি সি একাঁঠু পানীত খোজ কাঢ়ি কাঢ়ি জংঘলৰ পিনে গৈ থাকিল। জংঘল পাই সি ইফালে-সিফালে মুৰতো ঘুৰাই চাব ধৰিল।  
  জংঘলখন দেখাত সাইলাখ এজনী মোহময়ী অপ্সৰা লেখিয়া। প্ৰতিদাল গছ ফলে-ফুলে ভৰপূৰ আৰু এটা সৰু নিজৰা আছে যিতো দেখাত সেই অপ্সৰা জনীৰ লয়লাস তনুমধ্য। ফলবোৰ দেখিলেই খাও-খাও লাগে। নানান ৰং-বিৰংৰ ফুলবোৰে যেন মোক চিঙি লৈ যা-লৈ যা কৈ তাক আপ্লুত কৰি আছে। জংঘলখনক চাৰিওফালৰ পৰা কলং নৈয়ে আলিংগন কৰি ধৰি ৰাখিছে, ঠিক সেইদৰে যিদৰে এটা নৱজাতকক মাকে আলফুলকে সাবতি ৰাখে। 
  পদ্মনাভে প্ৰথমতে গছ এদালৰ তলত বহি লৈ পৰৱৰ্তী ফিকিৰ কি হ'ব তাৰ ভাবনাত মচগুল হৈ এটা সময়ৰ পিছত গছৰ মেদবহুল শিপা এদালকে ধৰি তাত শুই পৰিল। দুপৰীয়াৰ সূৰুযৰ উৰহৰ উশ্মতা কমি লাহে-লাহে তাৰ পলিতা পৰি যাবৰ হ'ল আৰু যেন এক নতুন বিজুলী চাকিয়ে পৰৱৰ্তী সময়ত পোহৰ বিলাব আহিব তাৰো  জবান দি গ'ল। সন্ধিয়াৰ চেঁচা এক অনুভূতিয়ে পদ্মনাভক জোঁকাৰি দিলে আৰু সি উচপ খাই উঠিল। হে ভগৱান, হে দেৱী মা বচাবা আৰু। সি নিজেই নিজক চৰিয়ালে  আৰু খংত কৈ উঠিল, ওহ, তই তো ইয়াতে পিকনিক খাবলৈ আহিছ' ন'? না কিবা ফিকিৰ আছে, না তোক ইয়াতে হেল্প কৰিব কোনোবা আছে, তই অকলশৰীয়া ইয়াত, যি কৰিব আহিছ' সেইতো সোনকালে ক'ৰ নহ'লে তোৰ আলু-পিটিকা হ'ব ইয়াতে। সি তাৰ পাৰৰ আমঠুটোত নিজেই অলপ সাহসৰ ফটিকা ঢালি ঠিয় হ'ল আৰু সৰি পৰা গছৰ দাল এদালত তাৰ কামিজটো ফালি দালটোত মেৰিয়াই ল'লে। পেন্টৰ পকেটৰ পৰা দিয়াচলাইতো উলিয়াই দালটো জ্ৱলাই দি লাহে লাহে আগবাঢ়ি গ'ল। আগবাঢ়ি গৈ সি এটা সৰু জুপুৰি দেখা পালে আৰু ঘৰটোৰ ভিতৰলৈ সুমাই গ'ল। ঘৰতো বেচ বাহিৰৰ পৰা দেখিব কুন্ধচ কিন্তু ভিতৰত সকলো সা-সুবিধা আছে। পদ্মনাভে ৰাতিতো তাত থাকিব বুলি থিৰাং কৰিলে। 
  
  ওৱাহ, ইমান ধুনীয়া ঘৰ আৰু এনেকুৱা জেগাত? খাবলৈ চব আছেই চোন। বিছনাখন আমাৰ ঘৰৰ খনতকৈও ডাঙৰ। পিছে মালিকৰ অনুমতি নোলোৱাকৈ সুমালো, আহি দেখিলে বেয়াই ভাবে নেকি? এহ, যি হয় হ'ব আৰু বুলি কৈ সি এফালৰপৰা সবংশে শেষ কৰাৰ অভিপ্ৰায় ৰাখি খোৱাৰ যুদ্ধত নামি পৰিল। খাই বৈ উঠি সি বিছনাখনৰ ওচৰ পাওঁতেই ক্ৰোধান্বিত এজনী যখিনী হঠাৎ বতাহৰ মাজৰ পৰা ওলাই আহিল। তোৰ ইমান সাহ, তই মোৰ ভাগৰ অন্ন খাবলৈ ইমান তাগজ ক'ত পালি? পদ্মনাভে ভয়ত পেপুৱা লাগি ঘৰটোৰ কোণ এটাত বহি দিলে।  
• পদ্মনাভ- মই, মই মানে, মোৰ ভোক লাগিছিল, মোৰেই ভুল হৈছে, মই আকৌ বনাই দিম আপোনাক! আপুনি মোক নামাৰিব। 
• যখিনী- হাঃ হাঃ হাঃ হাঃ, তোক নামাৰিবৰ কাৰণ কিবা আছে নেকি তোৰ ওচৰত? তই এতিয়া মোক তোৰ যিকোনো এটা অংগ দিব লাগিব, মোৰ ভোক লাগিছে, বহুত বছৰ হৈ গ'ল মহামাংস খাবলৈ পোৱা নাই।  
  এইবুলি যখিনী জনিয়ে তাৰ হাতখনত ধৰাৰ লগে লগে তাই জ্ৱলি ছাই হৈ গ'ল আৰু দেৱীৰ কাচনিতো এটা উজ্বল ৰশ্মি হৈ জ্ৱলি ঘৰটোৰ সকলো তমসা গিলি ল'লে। পদ্মনাভে তাৰ মুৰতো ইফাল-সিফাল ঘুৰাই চালে আৰু ছাইখিনি হঠাৎ কাগজ এখনলৈ পৰিবৰ্তন হ'ল। 
• পদ্মনাভ- আৰ্ৰে, এইখন দেখোন নক্সা খনৰ এটা ভাগ। অচিৰেই নক্সা খন হাতত লোৱা লগে লগে কাচনিতোৰ পৰা এটা ক্ষীণ পোহৰ ওলাই ঘৰটোৰ বাহিৰলৈ ওলাই গ'ল। পদ্মনাভে নক্সা খন হাতত লৈ পোহৰ তোৰ পিছে-পিছে দৌৰি থাকিল। 
  অলপ দুৰ গৈ পোহৰতো এডাল প্ৰলম্ব গছৰ তলত ৰৈ দিলে। পদ্মনাভে পোহৰতোৰ সমীপ পাই তাত কি কৰিব কি নকৰিব সেই দোমোজাত মাটিত বহি ল'লে। আচম্বিতে গছডাল শিপা সহ ভাঙি পৰিল আৰু ধৰাৰ ভিতৰৰ পৰা এজন দেৱ-পুৰুষ ওলাই আহিল। পদ্মনাভে দেৱীৰ কাচনিতো আগুৱাই দিলে যাতে সিও জ্ৱলি ছাই হৈ যায়। পুৰুষজনে তাৰ ভংগিমাৰ কেৰেপ নকৰি আগুৱাই আহি তাৰ হাতৰ পৰা বলবন্ত কাচনিতো চিঙি তাৰ হাতৰ মুঠিত লৈ ল'লে। পদ্মনাভে অন্য কিবা পৰিকল্পনা ভবাৰ সময় ঢুকিয়ে নাপালে আৰু সেই নিনাও দেৱতা জনে পদ্মনাভৰ নেলী চেপি ধৰিল আৰু তাৰ কায়াক পুৰঞ্জনৰ পৰা বিবিক্ত কৰি তাৰ নিথৰ দেহটোক গোগ্ৰাসে গিলি থ'লে। পদ্মনাভৰ জীৱাত্মাটোক তাৰ হাতত চেপি ধৰি দেৱতা জনে খোজ কাঢ়ি গৈ থাকিল।  
• পদ্মনাভ- হে মহাপুৰুষ আপুনি কোন? মইতো একো পাপ নাই কৰা, মোক এনেকৈ বন্দী বনাই কিয় লৈ গৈ আছে? 
• দেৱতা- মই অমৃত্য। মই জানো তই ইয়াত কিয় আহিছ'।  কিন্তু তই মোৰ কুঁহকৰ নদীখন পাৰ হ'লে হে মই তোক যাবলৈ দিম, নহ'লে তই ইয়াত আজীৱন মোৰ নিছিনা পঞ্চমুখী গ্ৰন্থ খনৰ ভৃত্য হৈ ৰব'লাগিব। 
• পদ্মনাভ- ঠিক আছে আপুনি যি কৈছে মই সকলো মানিবলৈ সাজু আছোঁ, মাত্ৰ মোক এই অপৰিকল্পিত শাস্তিৰ পৰা উদ্ধাৰ কৰক। 
• অমৃত্য- নাই, সেইতো মই কৰিব নোৱাৰোঁ, তই উত্তৰ শুদ্ধকৈ দে আৰু তেতিয়া মই ভাবিম তই মুক্তি পাবিনে নাই। তোৰ উত্তৰ কেইটাৰ ওজনে তৰ কৰিব তই শাপমুক্ত হ'ব লাগেনে নালাগে। 
• পদ্মনাভ- ঠিক আছে। সুধক, কি সুধিব খুজিছে। 
• অমৃত্য- হাঃ হাঃ হাঃ তোৰ উথপথপ চাই মোৰ ভাল লাগিছে, মন কৰিবি, ভুল যাতে নহয়, তাৰ পিছত ঘুৰি যাবলৈ কোনো কেঁকুৰি বিচাৰি নাপাওঁ। 

 ••• প্ৰশ্ন ১- মৃত্যু কি? 

• পদ্মনাভ- মৃত্যু এক চিৰন্তন সত্য। মৃত্যু অমৰ। মৃত্যু মানে পৰমানন্দৰ লগত লগ পোৱা এক অপূৰ্ব শান্তি। জীৱনটো কেৱল মৃত্যুয়ে ব্যৰ্থ হ'বলৈ নিদিয়ে কাৰণ ই কেতিয়াও কাকো এৰি নাযায়। ধন, মান, পৰিয়াল এটা সময় লৈকেহে থাকে কিন্তু ই চিৰকাল চিৰস্থায়ী। 
• অমৃত্য- ঠিক আছে, মানি ললো বাৰু। দ্বিতীয় প্ৰশ্নতো সুধাৰ আগত তই ক', তোক মই এৰি দিলে তই মোক কি দিবি? 
• পদ্মনাভ- মই আপোনাক অবাৰিতৰ সোৱাদ দিম, যিটো পাবৰ কাৰণে আপুনি কেইবাশ শতাব্দী বাট চাই ৰৈছে। 
  অমৃত্যই হঠাৎ ৰৈ পদ্মনাভৰ জীৱাত্মাতোক তাৰ কমৰত গুজি ৰখা জোলোঙা খনৰ ভিতৰত সুমাই দিলে আৰু খোজ কাঢ়ি গৈ এটা সময়ত হাবিৰ তমসাবৃত জংঘলত নেদেখা হৈ গ'ল আৰু খোজ কাঢ়ি গৈ এক নিৰ্জন এলেকাত ঠিয় দিলে।          
      জোলোঙাত হাত সোমাই পদ্মনাভৰ জীৱাত্মাটোক উলিয়াই তাক ক'ব ধৰিলে। 
    সেই দূৰৈত থকা ঘৰটো দেখিছ'? তাত তোৰ নক্সাৰ দ্বিতীয় আৰু তৃতীয় ভাগ লুকাই আছে আৰু তাত মোৰ শক্তি নোহোৱা হৈ যায় কাৰণ সেই ঠাইখনক সকলোতকৈ শক্তিশালী যখিনী এজনীয়ে শাসন কৰে। অমৃত্যই পদ্মনাভৰ জীৱাত্মাটোক গছ এডালত মায়াজালেৰে বান্ধি থৈ খাদ্যৰ সন্ধানত জংঘলৰ ভিতৰলৈ গুচি গল। 


To be continued.... 


কুমাৰ কৃষ্ণ শৰ্মা।


*Words and Meanings* 

• তৰী- Boat 

• লয়লাস- Elegant 

• তনুমধ্য- Waist 

• আলিংগন- Hug 

• নৱজাতক- Newborn baby 

• ফিকিৰ- Plan 

• মেদবহুল- Fat 

উৰহ- Sunlight

• পলিতা- Fuse 

• সবংশে- Entirely 

• তাগজ- Courage 

• মহামাংস- Human flesh 

• তমসা- Darkness 

• প্ৰলম্ব- Very Tall 

• নিনাও- Nameless 

• কায়া- Body 

• পুৰঞ্জন- Soul 

বিবিক্ত- Separate

• জীৱাত্মা- Soul 

ভৃত্য- Servant

• অপৰিকল্পিত- Unplanned 

• কুঁহক- Puzzle 

• তৰ- Decide 

• কেঁকুৰি- Turning 

• উথপথপ- Hurry 

• চিৰন্তন- Eternal 

• তমসাবৃত- Very dark, darkness that prevails during absence of light

অবাৰিত- Free/ Independent

Sunday, December 29, 2019

*সোণৰ অসম জ্ৱলিছে*

*সোণৰ অসম জ্ৱলিছে*

দাউ-দাউকে জ্ৱলিছে জুই।
দুৱাৰৰ ফাকে দি ধুৱাৰ মাজে-মাজে উৰিছে ছাই।
মনৰ ক্ষুব্ধ অংগীকাৰে বতৰ বনাইছে আৰু ৰুদ্ৰ।
ঘৰৰ বাহিৰলৈ ওলাই আহিলে আমাক কয় অভদ্ৰ।
ক'ত ৰাখিছ' তোৰ প্ৰেম কৰি আবদ্ধ?

সোণৰ অসম, আমাৰ অসম।
হৃদয়খন ফালি দেখাও যদি হনুমানৰ দৰে।
এতিয়াও দেখা পাবি তাত অসমখন থাকে।
যিদৰে অসমখন হিন্দুস্তানত থাকে।
ইয়াত কোনো মতভেদ নাথাকে।

বৈ যা মহাবাহু তই।
ধুই নে পূৰ্বোত্তৰৰ সকলো দুখৰ বোজা।
নিদিবি, নালাগে আমাক আৰু বোজা, নকৰিবি আৰু আমাক কুঁজা।
লৈ যা তোৰ লগত তোৰ সোঁতত বৈ অহা আলহীক ঘৰলৈ।
ৰাতিৰ চেগ চাই আহিছিল এবেলি।
আৰু তেজ নোবোৱাবি আমাৰ।
তেজৰ ঠাইত তেজ বব'।
কিন্তু অসম সদায় অসমীয়াৰে ৰব'।

শান্তিত থকা বাসিন্দা আমি ইয়াৰ।
এইখন নহয় কংগ্ৰেছৰ ঘৰ না বিজেপিৰ ঘৰ।
ইয়াত চলচ্চিত্ৰ হৈ চলে আমাৰ অংগীকাৰ।
এন-আৰ-চিৰ মূল্য কি ৰ'ল যদি বাহিৰাগত আক্ৰমণক ৰুধিবই নোৱাৰি।
কোনফালে দেশ গ'ল? ইমান বছৰি কি কৰিলি?
অসমখনক প্ৰতাৰণা কৰিলি, চাকৰিৰ নাম লৈ বছৰি-বছৰি হাবাথুৰি খুৱালি।
সময় খালি, চৰকাৰ চলালি কিন্তু কি দিলি, আমি দিয়া মূল্যবান ভোটৰ বলি।

যদি প্ৰজাৰে তন্ত্ৰ হয়, তেতিয়া প্ৰজাৰ মত গ'ল কলৈ।
যদি মাত মাতিলেই আমি অন্তৰ্ঘাতক হৈ যাওঁ, তেতিয়াহলে ইমান বছৰি অসম চুক্তি গ'ল কিয় খালৈত?
সুধিবলৈ আছে প্ৰশ্ন শতকুৰি।
কিন্তু কেতিয়াও সুধিব খোজা নাই প্ৰশ্ন এককুৰি।
বিশ্বাস কৰিছোঁ যেতিয়া বিশ্বাস দিব।
দিম দিম বুলি কৈ বিশ্বাসঘাটকতা নকৰিব। 
দিয়ক আমাক শান্তিত থাকিব।
নহ'লে তেজৰ ঠাইত তেজ বব'।
তথাপিও অসম সদায় অসমীয়াৰে ৰব'।

কুমাৰ কৃষ্ণ শৰ্মা।

Wednesday, December 25, 2019

**অসংখ্য তৰাৰ বাট বিচাৰি**

**অসংখ্য তৰাৰ বাট বিচাৰি** 

*প্ৰথম খণ্ড* 

সেইয়া চা আকাশখন। সূৰুয এতিয়া ডুবু-ডুবু আৰু তোৰ কাৰণে আৰু এটা তধাউৰি আছে। ৰহ, আৰু অলপমান ৰৈ থাক। পদ্মনাভে বিচুৰ্ত্তিৰ পিনে চাই ক'লে।   
বিচুৰ্ত্তি- ঐ ঐ, হ'ব দে। মানিচো তোক। মানে তই যি দেখ' সেইতো সঁচা হৈ যায়, সেইতো বুজাব খুজিছ' ন' মোক? 
পদ্মনাভ- ওহ, সেইতোৱে তো প্ৰব্লেমটো। ৰাতি শুব নোৱাৰা হৈ গৈছো। ৰাতি সপোনত যি দেখো সেইতো পিছদিনা সঁচা হৈ যায়। 
যোৱা কালি নবিন কাইক সপোনত দেখা পালোঁ। বেমাৰত তাৰ মুখখন গ্ৰহণ লগা চন্দ্ৰৰ নিচিনা হৈ গৈছিল। একদম কলা। আজি তাক ১০৮ এখনত লৈ যোৱা দেখিলোঁ। ঘৈণীয়েক জনীয়ে ৰাস্তাৰ মাজত শুই লৈ বালিত হাতখন মাৰি হুৰাওৰাওকৈ কান্দি নিজৰ চকুহাল টৈলটৈলীয়া কৰি ঘৰৰ ভিতৰত গৈ নিজেই নিজক অগ্নিদগ্ধ কৰি হাস্পতাল স্থানান্তৰ কৰিলে। মৰম দেখিছ'? কণিৰ বগা খিনি আৰু কুহুমটোৰ নিচিনা। 
বিচুৰ্ত্তি- হ'ব দে এতিয়া। পিছে এই মায়াবি শক্তি আপুনি পালে ক'ৰ পৰা জনাব নেকি? (বিচুৰ্ত্তিয়ে খিল-খিলাই হাঁহি উঠিল) 
পদ্মনাভ- মহাদেৱৰ কচম, তই মানিলে মানিবি কিন্তু যিতো সঁচা মই সেইতোৱে কৈছোঁ। এইচব হৈ আছে সেই মেৰপাকৰ জংঘল খনত যোৱা পিছৰে পৰা। 
বিচুৰ্ত্তি- কি? তই (ভয়ত গল্লা এগাল মান গিলি ল'লে) তালৈ কিয় গৈছিলি? তই জানই চোন তাত কি থাকে, পিশাচ আৰু যখিনীৰ ঘৰ সেই জংঘল খন। 
পদ্মনাভ- সেইচব মই তাত নাই দেখা কিন্তু তাৰ পিছৰ পৰাই মই অনৰ্গল সপোন বোৰ দেখিব ললো। যি হ'ব দেখা যাব দে।  
বিচুৰ্ত্তি- তই এবাৰ তমসা বাবাক দেখা। তেওঁ যানিব তোৰ কি হৈছে। 
পদ্মনাভ- তই আৰু তোৰ সেই বাবা। কেতিয়াবা এনেকুৱা হৃদ্বোধ হয় যেন তহত দুইটা 'মেড ফৰ ইচ আডাৰ'। পাতিবি নেকি বিয়াখন তাৰ লগত?  
বিচুৰ্ত্তি- ধেৎ অলগৰ্ধ, তই আৰু তোৰ হাড় ভঙা ফুচুৰি। না হাঁহি উঠে, না তই কেতিয়াবা হহুৱাব পাৰিবি। ব'ল যাওঁ ইয়াৰ পৰা এতিয়া, পিছে বাবাৰ তাত গ'লে মোক জনাবি। 
পদ্মনাভ- তই নেৰিবি মানে, বল যাওঁ এতিয়াই। মই ক'ম কি তাক? 
বিচুৰ্ত্তি- মোৰ ওচৰত যি যি বকিলি সেইখিনিয়ে 'এম ডি এইচ মচলাৰে' সানি তাক ক'বি। আজি নগ'লে নহয় নেকি, মানে বহুত দেৰি হৈ গ'ল এতিয়া। কালি ৰাতিপুৱাই ওলাবি। 
     এইবুলি কৈ বিচুৰ্ত্তি আৰু পদ্মনাভে ঘৰ অভিমুখি পথ ল'লে। ঘৰ পাই হাত-ভৰি ধুই লৈ পদ্মনাভে খিৰিকীখন খুলি লৈ চন্দ্ৰতোৰ পিনে চাই ৰ'ল। 
   বিচুৰ্ত্তিয়ে ৰাতিপুৱাই পদ্মনাভহতৰ ঘৰৰ ওচৰ পালে আৰু তাক মাতিব ধৰিলে। ঐ, নাযাওঁ নেকি তই, যাবিনে? ঐ পদুম ফুল, তই নাযাওঁ যদি মই যাওঁ ঘৰলৈ। অলপ সময় পিছত পদ্মনাভে চকু মোহাৰি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল। তই শান্তিত শুবলৈ নিদিয় মানে মোক। ৰহ, ১৫ মিনিট, আহি আছোঁ। ১৫ মিনিট পিছত চাহ খাই লৈ দুজনে বাবাৰ ঘৰ অভিমুখে খোজ কাঢ়ি গৈ থাকিল। ৰাস্তাত বিচুৰ্ত্তিয়ে বাবাৰ কথা পদ্মনাভক ক'ব ধৰিলে। বাবাৰ অপাৰ শক্তি আছে। তই লগ পালে উমান পাবি। বাবাই বহু বছৰ তপস্যা কৰি এই শক্তি পাইছে আৰু.....। বাৰু বাৰু আৰু কিমান দূৰ?( পদ্মনাভে বিচুৰ্ত্তিক উদ্দেশ্যি ক'লে) পালোঁ আৰু, শ্মশানৰ ৰাস্তাটোৰে গৈ একদম শেষত থাকে তেখেত। 
বাবা- বাৰু কোৱাছোন কি হ'ল পদ্মনাভ? কিয় আহিছা? সপোন আৰু দিঠক সমান সমান লাগিছে তোমাৰ হ'বলা? 
পদ্মনাভ- হাৰ্ৰে, আপুনি, আপুনি কেনেকৈ জানে? 
বাবা- মই যি জানো তুমি সেইতো নাজানা, শুব পৰা নাই হয় নে? 
পদ্মনাভ- ও ও, বাবা মই কি কৰু এতিয়া? 
বাবা- তুমি এইটো লোৱা, এইটো নীলাচল পাহাৰৰ কামাখ্যা মন্দিৰৰ মাৰ চৰণত পৰি থকা তণ্ডুলেৰে তৈয়াৰী কাচনি। ইয়াৰ শক্তিক মোৰ শক্তিৰ লগত তুলনা নকৰিবা। ই তোমাক সকলো অমংগলৰ পৰা ৰক্ষা কৰিব। এইবুলি কৈ বাবাই হাতত চাউল, ফুল হাতৰ মুঠিত লৈ গংগা জলত হাতখন ডুবাই মুখৰ ভিতৰত নিৰৱিচ্ছিন্নে দেৱীৰ মন্ত্ৰ জাপ কৰি পদ্মনাভৰ মুৰত হাতৰ পবিত্ৰ পুষ্পাঞ্জলীখিনি তাৰ মুৰত ভৰণ দিলে আৰু তাৰ চাৰিওপিনে ময়দাৰে এটা বগা গোলক আকি উঠি তাক দুপৰীয়াৰ সূৰুযৰ আতপৰ পিনে চাই আবাহন কৰিব ক'লে। 
   পদ্মনাভে তাৰ মুৰৰ পৰা চাউল আৰু ফুলৰ মশৃনখিনি তাৰ চাৰ্টৰ পকেটত সুমাই থলে।  
বাবা- মই যি দেখিছোঁ, তুমি এই শাওপাতৰ পৰা মুক্ত হ'বৰ কাৰণে বহু দুৰ যাব লাগিব পদ্ম। এইটো কেৱল এটা ছদ্মবেশী শক্তিৰ কাৰ্য্য নহয়। তুমি নহ'ব লগিয়া সময়ত নাথাকিব লগিয়া স্থলত আছিলা আৰু সেইবাবেই আটাইতকৈ শক্তিশালী শাপটো তোমাৰ তাত আহি লাগিল। 
পদ্মনাভ- (ভয়তে সি কান্দিবই নে বাবাৰ কথাখিনি শুনি হাঁহিব একো ধৰিব নোৱাৰা হ'ল। তাৰ মুখখনৰ পিনে বিচুৰ্ত্তিয়ে একেলেথাৰিয়ে চাই থাকিল যেন সি এটা মূকবধিৰ) প্ৰবল শিলাবৃষ্টিৰ ফলতঃ ভাঙি যোৱা বেলোলৰ নিচিনা গুৰি হোৱা মাতেৰে সি আৰম্ভ কৰিল, মই কি কৰিব লাগিব? 
বাবা- ৰবা, তাৰ আগতে তুমি এটা শান্তি পাঠ কৰা আৰু সেইটো শেষ হোৱাৰ লগে-লগে তুমি কলংৰ ঘাটলৈ যাব লাগিব। তাত ৰৈ থকা পানচৈ এখন লৈ তুমি নদীৰ মাজত পানচৈখন ৰখাই তাত শান্তি পাঠৰ পুষ্পাঞ্জলীখিনি উচৰ্গা কৰিবা আৰু মেৰপাকৰ জংঘলৰ মাজত থকা অদৃশ্য নক্সাখন বিছাৰি আনিব লাগিব। সেইখনেই তোমাক ৰাস্তা দেখুৱাব।  
পদ্মনাভ- সেইখনেৰে মই কি কৰিম? 
বাবা- সেইখনেই তোমাক পবিত্ৰ পঞ্চমুখী গ্ৰন্থখনৰ বাট দেখুৱাব, গ্ৰন্থখন পাঁচজন পূত মহাপুৰুষে লিখিছিল আৰু মনত ৰাখিবা সেই গ্ৰন্থখন তদৱধি অন্তৰ্ধান হৈ আছে। এই মহাপবিত্ৰ পাথৰটো লৈ যোৱা, ই তোমাক অমৃত্যৰ তিনিতা প্ৰহেলিকাৰ দুটা সাঁথৰ সমাধান কৰাত সহায় কৰিব। 
পদ্মনাভ- অমৃত্য কোন আৰু মই সেই গ্ৰন্থখন পালে কি কৰিম? 
বাবা- অমৃত্য এজন ৰজা যিজনে সেই গ্ৰন্থখন বলেৰে চোৰ কৰাৰ অভিপ্ৰায় ৰাখিছিল কিন্তু এজন যশস্বী সাধুএ তাক দিয়া শপ্তৰ ফলত সি আজীৱন তাত সেই আপুৰুগীয়া গ্ৰন্থখনৰ ৰখীয়া হৈ ৰব লগিয়া হ'ল। বাবাই পদ্মনাভক আশীৰ্বাদ দি যাবলৈ ক'লে। 
  পদ্মনাভে হ'ব বুলি কৈ বাবাৰ আশীষ ল'লে আৰু বিচুৰ্ত্তিক তাৰ ঘৰত সকলো কথা জনাব' ক'লে আৰু তাৰ হাতত থকা দেৱীৰ বলবন্ত কাচনিটো হাতত মেৰিয়াই ল'লে আৰু ভয়ৰে পৰিপক্ক আমঠুটোত সাহৰ অলপ ভেষজ ঢালি খোজ গনি গনি তাৰ সুদীৰ্ঘ অঠাৱৰ যাত্ৰা আৰম্ভ কৰিলে। 

To be continued...... 
 

কুমাৰ কৃষ্ণ শৰ্মা। 

*Words and meanings* 

তধাউৰি- Surprise 

হৃদ্বোধ- Feels 

ফুচুৰি- Joke 

তণ্ডুল- Rice 

কাচনি- Amulet 

নিৰৱিচ্ছিন্নে- Continuously 

আতপ- Sunlight 

মূকবধিৰ- Deaf and dumb 

বেলোল- Glass 

পানচৈ- Boat 

পূত- Holy 

তদৱধি- Ever since 

প্ৰহেলিকা- Puzzle 

পৰিপক্ক- Ripe 

ভেষজ- Medicine 

বলবন্ত- Powerful

অঠাৱৰ- Uncertain

*Irresolute U-turn of the world*

*Irresolute U-turn of the world*   World is a safe place, a place where human civilization thrived and flourished over time. A ...