**সন্ধ্যাতৰা ২**
•দ্বিতীয় খণ্ড•
ওচৰতে কোনোবা এজন যাত্ৰিৰ ফোনত সুৰাত মগন ভয়াল ৰাতি গানটো বাজি উঠিল। গানটোৱে নিস্মৰক তৰ্জন-গৰ্জন কৰি ভাঙি চুৰমাৰ কৰি পেলালে। হোমৰ জুইত ঘিউ ধালিলে যিদৰে জুই দুগুণ হৈ জ্ৱলি উঠে থিক সেইদৰে কংকনে হঠাৎ সাৰ পাই উঠি থিয় দি ক'লে তহতে বুজি নাপাবি এই জীৱনৰ মনস্তাপ। মই মাৰ খাইছো তহতে চাইচ' কিন্তু মোৰ আইজনিৰ কাৰণে এইচব তিতিক্ষা একোৱে নহয়। সৰু তাই, বহুত সৰু, ইমান মান (কংকনে বহি থকা গিজগিজ পৰিযায়ীবোৰক হাতেৰে ভঙ্গিমা কৰি দেখুৱালে)। হাতেৰে মুখৰ তেজ মচি সি এজন উন্মত্ত মদাহীৰ দৰে খোজ কাঢ়ি গৈ তাৰ বেগৰ পৰা ফটো এখন উলিয়াই নিজেই নিজক লৈ কৈ উঠিল, তই ভয় নকৰিব মোৰ সোণৰ টুকুৰা জনি, মই আহি আছোঁ তোৰ কাষলৈ। মৰংত গৈ কংকনে নিজৰ পোচাক আৰু নিজক অলপ ৰদ-বদল কৰিলে।
ডিব্ৰুগড় ষ্টেচনৰ বাহিৰ ওলাই সি অ'টো এখন লৈ লুংলুঙিয়া ৰাস্তা এটাৰে গৈ টিংখং পালেগৈ। তাত সি তাৰ লগৰ এজনৰ অথৰ্ব বাপেকক লগ পালে।
কংকন- ককা চিনি পাইছেনে?
ককা- কোন বোপা?
কংকন- মই নিসৰ্গৰ লগৰ, কংকন। বহুত দিন হ'ল , কাম এটা আছিলে।
ককা- ও ও কংকন। ইমান মনত নাই মোৰ, বচ তোৰ নামতো চিনাকি চিনাকি লাগিছে। বাৰু কি কাম আছিলে কচোন?
কংকন- ককা মোক মোৰ ছোৱালীজনী লাগে, তাইক অতদিনে নাই দেখা। মাক জনী মৰিল এটা বেমাৰত এতিয়া তাই ইয়াতে আছে বুলি শুনিছোঁ। মই কিমান ৰখাব চেষ্টা কৰিলোঁ তাইক কিন্তু তাইক মোৰ পৰা কাঢ়ি লৈ গ'ল।
ককা- কি? কোনে লৈ গৈছে তাইক?
কংকন- তাইৰ মাহীয়েকে তাইক ইয়াত কাৰোবাৰ তাত বেছি দিছে, মই পলাই বিয়া কৰিছিলোঁ তো, আৰ্ৰে শাস্তি দিয় মোক দে কিন্তু তাইক কিয়? (কংকনে হুকহুকাই কান্দি উঠিল)
ককাই কংকনক উদ্দেশ্যি ক'লে তই আধি নকৰিবি, মই কাঞ্চনক লৈ আহিম। কাঞ্চনৰ নাম ককাৰ মুখত শুনা লগে-লগে কংকন জাঙুৰ খাই উঠিল। আপুনি! আপুনি কেনেকে জানে তাইৰ নাম কাঞ্চন বুলি? সিংহই মৃগ পহুৰ ওপৰত জঁপিওৱা দি কংকনে প্ৰৌঢ় ব্যক্তিজনৰ ডিঙি চেপি ধৰিলে। সি ইমান জোৰেৰে চেপি ধৰিছিল যে বৃদ্ধ মানুহজন থিতাতে নিহত হ'ল। অলপ সময় পিছত সি তেখেতৰ ডিঙিটো এৰি দি মৃত ব্যক্তিজনৰ ওচৰত বাগৰি ৰ'ল। শুই শুই সি ঈশিৰক ফোন লগালে।
কংকন- হেল্ল ঈশিৰ, কাম হৈ গ'ল। বুঢ়া আৰু নাই এই দুনিয়াত। তই আহি যা।
To be continued.....(Part 3/ Ending coming soon)
- কুমাৰ কৃষ্ণ শৰ্মা
*Words and meanings*
• নিস্মৰ- Silence
• মনস্তাপ- Grief
• তিতিক্ষা- Endurance
• গিজগিজ- Crowded
• পৰিযায়ী- Passanger
• মৰং- Toilet
• ৰদ-বদল- Modify
• অথৰ্ব- Old aged
• আধি- Worry