Wednesday, November 13, 2019

**সন্ধ্যাতৰা ৪**

 **সন্ধ্যাতৰা ** 

    • সমাপ্ত  

......আচ্ছা তুমিয়ে কোৱা এতিয়া তাই মোৰ তেজৰ সম্পৰ্ক হয় নে নহয়? 
ড্ৰাইভাৰ- হয় দাদা। তাত সুধিবলগীয়া একো নাই। 
• ঈশিৰ- কংকনে মোৰ পত্নীক লগ পাইছিল এইজনীয়ে কাম কৰা হস্পিটালত। মোৰ পত্নী ধাতৃ আৰু মই এজন চিকিৎসক। তাৰ চিকিৎসাৰ দায়িত্ব মোৰ আছিল। এটা দুৰ্ঘটনাত সি নিজৰ অভিজ্ঞান হেৰুৱাইছিল আৰু তাৰ পিছৰ পৰা সি অবিৰতভাৱে আমাৰ দৃষ্টিনিক্ষেপত আছিল। তাৰ অৱস্থা শোচনীয় হোৱা কাৰণে মই নিজেই কাহিনী এটা সৃষ্টি কৰিবলৈ বাধ্য হ'লো। কিন্তু সি কাহিনীতো ইমান বেছি গভীৰভাৱে ল'ব বুলি মই কেতিয়াও আশা কৰা নাছিলোঁ। তাৰ নিজৰ দেউতাকে তাক কিমান বাৰ লগ কৰিব আহিছিল কিন্তু সি তাৰ আৰু নিসৰ্গৰ মাজৰ ব্যৱধানতো বুজিবই নোৱাৰিলে। 
• ড্ৰাইভাৰ- আচ্ছা দাদা, নিসৰ্গ কোন হয়? 
• ঈশিৰ- নিসৰ্গ বুলা চৰিত্ৰতো কংকনৰ মগজুৰ প্ৰযোজনা। সি আচলতে আমাৰ মাজত নাই কিন্তু তাৰ কাৰণে সি আছে কৰোবাত, যিতো কাৰণে অবশেষত তাৰ পিতৃ এ নিজক তাৰ ওচৰত নিসৰ্গৰ পিতৃ হিচাপে পৰিচয় দিব ধৰিলে। 
• ড্ৰাইভাৰ- হে ভগৱান! মানে সি তাৰ নিজৰ দেউতাককে মাৰি পেলালে, আপোনাক ফোন কৰি কিয় মাতিছে এতিয়া? 
• ঈশিৰ- হয়তো তাৰ মুৰৰ ভিতৰত থকা ভাইৰাছটোৱে এতিয়া কিবা নতুন অধ্যায়ৰ পাতনি মেলা আৰম্ভ কৰিছে। 
• ড্ৰাইভাৰ- পিশাচ চাল্লা। বেয়া নাপাব দাদা গালি পৰা বাবে, ওলাই গ'ল। (ড্ৰাইভাৰ জনে অস্পষ্টভাৱে মুখৰ ভিতৰতে দুই-তিনিতা গালি পাৰি ধেমাজি তিনিআলিৰ পৰা ডিব্ৰুগড় অভিমুখি ৰাস্তা ল'লে) 
• ড্ৰাইভাৰ- দাদা এটা প্ৰশ্ন আছিল মোৰ সুধিব পাৰোঁ নে? (ঈশিৰে মুৰ দুপিয়াই সুধা অনুজ্ঞা দিলে) 
আপুনি কাঞ্চনক তেখেতৰ ঘৰলৈ কিয় পঠিয়ালে? 
• ঈশিৰ- কংকনক হস্পিটালত ৰখাতো অসম্ভৱ হৈ গৈছিল সেইবাবে মই তাক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ কিন্তু পিছত সি মোৰ পৰিয়ালৰ লগত এনেকে মশৃন হৈ গ'ল যে মই আৰু তাৰ পিতৃ মিলি ঠিৰাং কৰিলোঁ যে তাইক এইবোৰৰ মাজত ৰখাতো ঠিক নহ'ব। সেইকাৰণে মই বুঢ়া মানুহজনৰ লগত তাইক পঠিয়াই দিলোঁ। দৰাচলতে সি মোৰ পৰিয়ালক নিজৰ পৰিয়াল ভাবি মানি চলিব ল'লে আৰু এদিন হঠাৎ ঘৰৰ পৰা নাইকীয়া হৈ গ'ল। এতিয়া সি এটা এটাকৈ সকলোকে মাৰি পেলোৱা অভিপ্ৰায় ৰাখিছে। হয়তো সি মোৰ আৰু তাৰ পিতাকৰ কথোপকথন শুনিছে আৰু সেইবাবে সি তালৈ গৈছে। 
ড্ৰাইভাৰজনে টিংখংৰ সেই লুংলুঙিয়া ৰাস্তাতোৰে গৈ ঘৰ পাওঁ পাওঁ অৱস্থাত গাড়ীখন ৰখালে আৰু চাৰিজনে গাড়ীৰ ভিতৰৰ পৰা নামিল। ঈশিৰে জোৰেৰে ডেডাউৰি মাৰিলে (কংকন ক'ত তই, মাজনি তই ক'ত) আৰু ইফাল-সিফাল চাব ধৰিলে।  
• কংকন- কোন? 
• ঈশিৰ- মই ঈশিৰ, চিনি পাইছনে? 
• কংকন- ও ঈশিৰ, আহ আহ ভিতৰত সুমাই আহ। (সিহঁত চাৰিজনে কংকনক অনুকৰণ কৰি ঘৰৰ ভিতৰলৈ সুমাই গ'ল) 
• কংকন- এইজনীয়ে ইয়াত কি কৰিছে? কংকনে দ্বিতীয় মহিলাজনীক আঙুলি টোৱাই ক'লে আৰু পিছফালে গুজি ৰখা দাখন উলিয়াই ল'লে। 
• ঈশিৰ- শান্ত হচোন অলপ, দাখন আতৰ কৰ। এইজনী মোৰ মাহীৰ ছোৱালী, তাই ধেমাজিত থাকে। তই কেনেকৈ চিনি পা? 
• কংকন- তাইক ট্ৰেইনত দেখিছিলো আৰু মোক বহুত মাৰিছে আৰু মোৰ ছোৱালীজনীক লগ ধৰিলে মাৰিব বুলি কৈছিল। হঠাৎ কংকনৰ চকু পিছপিনে চুচুক-চামাককৈ লুকাই থকা তিৰোতা এজনিৰ ওপৰত পৰিল আৰু সি মিচিকিয়া হাঁহি এটা মাৰি ক'ব ধৰিলে। অনাদ্যা তুমিও আহিছা? ব'লা আমি তিনিও যাওঁ ইয়াৰ পৰা বুলি কৈ সি অনাদ্যাৰ ফালে চোঁচা মাৰি আহিল। 
(ড্ৰাইভাৰজনে কংকনক পিছফালৰ পৰা ধৰিব চেষ্টা কৰিছিল কিন্তু কংকনে দাখন হঠাৎ তাৰ পিনে ঘুৰাই হাতত মাৰি দিলে) 
• কংকন- ঐ, কৈ দিছোঁ, মোৰ ওচৰত কোনো নাহিবি, নহ'লে, চব্বকে মাৰি পেলাম আৰু ঈশিৰ তই চোন মোৰ লগৰ, তই মোৰ লগত এনেকুৱাখন কেনেকে কৰিব পাৰিলি? চব মতলবি আজিকালি, মোক কোনেও শান্তি নিদিয়ে। তহত চব মৰিবি এতিয়া বুলি কৈ চাৰিওপিনে দাখন বতাহত অহৰহে ঘুৰাব ধৰিলে (মাহীয়েকৰ ছোৱালীজনীয়ে কথা বিসম দেখি ততাতৈয়াকৈ পুলিচক খবৰ দিলে)। 
   ঈশিৰে বতাহ এগাল মান তাৰ গ্ৰাসনলীৰে গিলি লৈ মনত অপৰ্য্যাপ্ত সাহ গোটাই ওচৰৰে বেৰত লাগি  থকা মোটোহা ডাং এদাল হাতত লৈ স-শক্তিৰে দুই-তিনিবাৰ কংকনৰ মুৰত প্ৰহাৰ কৰিলে। 
  
      শৰৎ ঋতুত যিদৰে বতাহৰ লাহি ঠেকা এটাত গছৰ পাত দালৰ পৰা খহি পৰে থিক সেইদৰে কংকন মাতিত ধলি পৰিল। ঈশিৰে নিজৰ চাৰ্টৰ পৰা কপোৰ এচটা ফালি ড্ৰাইভাৰ জনৰ হাতত বান্ধি দিলে আৰু তাৰপিছত কাঞ্চনক কোলাত লৈ তিনিওজনৰ উচুপনিৰ শব্দই অমেধ্যক ভাঙি এক মৰমৰ চক্ৰবাতৰ সৃষ্টি কৰিলে।  
 কংকনে লী-লিয়া ভাজেৰে গৈ মাতিত পৰি থকা দাখন হাতৰ মুঠিত খামুচি লৈ ওচৰৰ বিচনা খনত আঁউজি ৰ'ল। মুৰৰ পৰা তাৰ অতিকায় তেজ বৈ থকা দেখি ঈশিৰে তাৰ পিনে চাই তাৰ ক্ষন্তেকিয়া কঠোৰ মনতো মমৰ নিচিনা গলি পমি গ'ল। 
• ঈশিৰ- ৰহ ৰহ, ঐ গামোচা খন ক'ত আছে দিছোঁন। 
• কংকন- নালাগে মোক একো। যা তহত ইয়াৰ পৰা। মোক তঞ্চকৰ পাৰ্টি এটাই ঘেৰি ৰাখিছে। যা বুলিছো যাহ ইয়াৰ পৰা। 
• ঈশিৰ- চা কংকন, ভাই তোৰ এতিয়াও ভ্ৰম শেষ নাই হোৱা। তোক মই একেবাৰে ভাল কৰি তুলিম। বল মোৰ লগত। কিয় খং কৰিচ' কচোন? 
• কংকন- মই ভালেই চোন, তহতে মোক ভুল ভাব', একেই জীৱন, চলি যাব দে। মোৰনো কোন আছে আপোন বুলিবলৈ? 
• ঈশিৰ- ৰহ, মই ইহতক গাড়ীত উঠাই থৈ আহি আছোঁ তোৰ ওচৰত। তই এইতো নাভাবিবি যে তোৰ কোনো নাই, তোৰ কাৰণে মই আছোঁ। 
 এইবুলি কৈ ঈশিৰে পিছমুখ দি যাব লওতে কংকনে ঠিয় হৈ দাখনৰে ঈশিৰৰ গলত সজোৰে ঘাও মাৰি দিলে আৰু পাহাৰৰ ওপৰত থকা ডাঙৰ শিল এটা খহি পৰিলে যিদৰে ওচৰ-পাজৰৰ এলেকা বোৰ এটা-এটাকে ধ্বংস কৰি গুচি যায় সেইদৰে ঈশিৰৰ মুৰতো খহি পৰি ওচৰৰ সকলো স্থল মজাৰলিৰ গতিত অলক্তৰাগ কৰি গ'ল।  
    কংকনে তাত ধলি পৰিল আৰু ক'লে চব ম....ৰি...বি আৰু সি তাত পৰি ৰৈ অনাদ্যাৰ ফালে হাতখন বঢ়াই দিলে। 
• কংকন- অনাদ্যা, চব শে..ষ। এতিয়া যাবৰ হ'ল। 
• অনাদ্যা (কাতৰ চিঞৰেৰে)- ঈ...শি...ৰ। 
• কাঞ্চন- দেউতা....। 
 আৰু সিহঁত ঈশিৰৰ ভৰিত পৰি কংকনৰ পিনে কৌতূহল, কাতৰ আৰু ক্ষুব্ধভৰা দৃষ্টিৰে চাই ৰ'ল।  দূৰৈত ছাইৰেনৰ আৱাজ আৰু কংকনৰ চকুৰ মনিত ছাপি ৰ'ল পুলিচৰ গাড়ী আৰু এম্বুলেন্স খন তাৰ পিছে-পিছে। কংকনে ছাইৰেনৰ পোহৰ তোলে আঙুলিয়াই ক'লে সেইয়া চা সন্ধ্যাতৰা আহিছে। 

**শেষ** 

  • কুমাৰ কৃষ্ণ শৰ্মা। 

*Words and meanings* 

• ধাতৃ- Nurse 

• অভিজ্ঞান- Memory 

• অবিৰতভাৱে- Continuous 

• দৃষ্টি নিক্ষেপ- Watching somebody up-close( Patients) 

• প্ৰযোজনা- Creation 

• অনুজ্ঞা- Permission 

• মশৃন- Mixed 

• অভিপ্ৰায়- Resolution 

• কথোপকথন- Conversation 

• ডেডাউৰি- Shout 

• অনুকৰণ- Follow 

• অহৰহ- Continuously 

• গ্ৰাসনলী- Oesophagus 

• অপৰ্য্যাপ্ত- Plenty 

• মোটোহা- Thick 

• অমেধ্য- Unholy 

• চক্ৰবাত- Cyclone 

• লী-লিয়া- Wriggle 

• অতিকায়- Enormous 

• তঞ্চক- Cheater/ Thugs 

• মজাৰলি- Fire ant 

• অলক্তৰাগ- Red 


Saturday, November 9, 2019

**সন্ধ্যাতৰা ৩**

**সন্ধ্যাতৰা ** 

  তৃতীয় খণ্ড 

কংকনে মৃতদেহটো চোঁচৰাই লৈ গৈ ঘৰৰ পিছফালে থকা জংঘলত থৈ দি হাতখন গলত মেৰিয়াই লোৱা গামোচা খনত মচি 'লে। হাতেৰে অপক্ক গছৰ পাতবোৰ দোপাকী-তেপাকী চাৰিওপিনে চালি-জাৰি চালে যে কোনোবাই চাই থকা নাইতো। অৱশেষত ঘৰৰ বাহিৰত থকা তাৰ বেগখনৰ পৰা ডাঙৰ দা এখন উলিয়াই লৈ মৃত শৰীৰতো টুকুৰা-টুকুৰ কৰাত ব্যস্ত হৈ 'ল।  
কাঞ্চন- ককা, ক'ত তুমি? (কাঞ্চনে ইফাল-সিফাল আৰু চাৰিওফালে চাই ককাকক নোপোৱাত ঘৰৰ অলিন্দত বহি মাতিত অ, আ, ক, খ লিখিব ল'লে।) 
   হঠাৎ হাবিয়নিৰ পৰা অহা এটা উদ্ভট নাদে কাঞ্চনৰ লিখা মগ্নতা ভংগ কৰি দিলে আৰু আজি দ্বিতীয় বাৰৰ বাবে কংকন আৰু কাঞ্চনৰ চকুত চকু পৰিল। দুয়ো দুয়োকে একান্ত মনে ক্ষন্তেক সময়ৰ বাবে একেথিৰে চাই ৰ'ল। কংকনে শোনিতক্ত দেহেৰে কাঞ্চনক কোলাত উঠাই লৈ দাখন পিছফালে ককালত গুজি ল'লে।  

•কাঞ্চন- তুমি কোন? 
•কংকন- মই তোমাৰ উমমমম.. বহুত দুৰৰ পৰিজন এজন, তুমি যেতিয়া সৰু আছিলা তেতিয়া তোমাক মই কোলাত লৈ এনেকে ঢেৰ কুটকুটনি দিছিলোঁ। 
•কাঞ্চন- মই বহুত সৰু আছিলোঁ ন'? 
•কংকন- তুমি ইমান মান আছিলা (কংকনে হাতেৰে দেখুৱালে)। 
•কাঞ্চন- ককা ক'ত? 
•কংকন- ককাই তোমাৰ কাৰণে চকলেট আনিব গৈছে মুনু,মই পইচা দিছোঁ। চাও দাত কেইটা, চাও, চাও, চাও (এইবুলি কৈ কংকনে কাঞ্চনক ঘৰৰ ভিতৰলৈ লৈ গ'ল)। 
     ঈশিৰে খবৰতো পোৱা লগে-লগে গাড়ী এখন ভাৰাত লৈ ডিব্ৰুগড়লৈ ওলাল। ৰাস্তাত এটাই চিন্তা লৈ সি ৰুমালখন উলিয়াই বাৰে বাৰে তাৰ মুখখন মচিব ধৰিলে। ড্ৰাইভাৰ জনে তাৰপিনে চাই সুধিলে দাদা চব ঠিকে আছেতো? ঈশিৰে  এটা মিথ্যা হাঁহি মাৰি তাক ক'লে চব ঠিকেই আছে দিয়া। ঈশিৰে মনৰ ভিতৰি-ভিতৰি ক'লে সি তাইক মাৰি পেলোৱা নাইতো? হঠাৎ ঈশিৰে চকুৰে জলক-তবক দেখা আৰম্ভ হ'ল আৰু সি গাড়ীৰ ভিতৰতে চিঞৰি উঠিল আৰু ড্ৰাইভাৰক উদ্দেশ্যি ক'লে খৰকে চলা নহ'লে তাই মৰিব আজি বুলি কৈ কাঞ্চনৰ অতিতৰ কথা ড্ৰাইভাৰ জনৰ আগত ক'ব ধৰিলে। তাই মোৰ ছোৱালী, মোৰ আৰু সি এইটো নাজানে যে অনাদ্যা বাছি আছেনে নাই। কংকনে আধা সত্যৰ পোচাক পিন্ধি ডিব্ৰুগড়লৈ গৈছে। আচলতে অনাদ্যা এতিয়াও জীয়াই আছে। সি সিমিত জানে, যিমানখিনি মই তাক জানিব দিছিলোঁ। সি নিজৰ দেউতাকক মাৰি এতিয়া ৰজা হৈ মোৰ ছোৱালীজনীক তাৰ লগত ৰাখিছে। এওঁ অনাদ্যা , মোৰ পত্নী(ঈশিৰে গাড়ীৰ পিছফালে বহি থকা তিৰোতা জনীলৈ আঙুলি টোৱাই দেখুৱালে)।  
  
To be continued...... 

 -কুমাৰ কৃষ্ণ শৰ্মা। 

*Words and meanings* 

• অপক্ক- Unripe 

• দোপাকী-তেপাকী- Zigzag 

• অলিন্দ- Veranda 

• হাবিয়নি- Jungle 

• উদ্ভত- Strange 

• শোনিতক্ত- Bloody 

• পৰিজন- Relative 

Wednesday, November 6, 2019

**সন্ধ্যাতৰা ২**

**সন্ধ্যাতৰা ২**

•দ্বিতীয় খণ্ড•

ওচৰতে কোনোবা এজন যাত্ৰিৰ ফোনত সুৰাত মগন ভয়াল ৰাতি গানটো বাজি উঠিল। গানটোৱে নিস্মৰক তৰ্জন-গৰ্জন কৰি ভাঙি চুৰমাৰ কৰি পেলালে। হোমৰ জুইত ঘিউ ধালিলে যিদৰে জুই দুগুণ হৈ জ্ৱলি উঠে থিক সেইদৰে কংকনে হঠাৎ সাৰ পাই উঠি থিয় দি ক'লে তহতে বুজি নাপাবি এই জীৱনৰ মনস্তাপ। মই মাৰ খাইছো তহতে চাইচ' কিন্তু মোৰ আইজনিৰ কাৰণে এইচব তিতিক্ষা একোৱে নহয়। সৰু তাই, বহুত সৰু, ইমান মান (কংকনে বহি থকা গিজগিজ পৰিযায়ীবোৰক হাতেৰে ভঙ্গিমা কৰি দেখুৱালে)। হাতেৰে মুখৰ তেজ মচি সি এজন উন্মত্ত মদাহীৰ দৰে খোজ কাঢ়ি গৈ তাৰ বেগৰ পৰা ফটো এখন উলিয়াই নিজেই নিজক লৈ কৈ উঠিল, তই ভয় নকৰিব মোৰ সোণৰ টুকুৰা জনি, মই আহি আছোঁ তোৰ কাষলৈ। মৰংত গৈ কংকনে নিজৰ পোচাক আৰু নিজক অলপ ৰদ-বদল কৰিলে। 
   ডিব্ৰুগড় ষ্টেচনৰ বাহিৰ ওলাই সি অ'টো এখন লৈ লুংলুঙিয়া ৰাস্তা এটাৰে গৈ টিংখং পালেগৈ। তাত সি তাৰ লগৰ এজনৰ অথৰ্ব বাপেকক লগ পালে। 
কংকন- ককা চিনি পাইছেনে?
ককা- কোন বোপা?
কংকন- মই নিসৰ্গৰ লগৰ, কংকন। বহুত দিন হ'ল , কাম এটা আছিলে।
ককা- ও ও কংকন। ইমান মনত নাই মোৰ, বচ তোৰ নামতো চিনাকি চিনাকি লাগিছে। বাৰু কি কাম আছিলে কচোন?
কংকন- ককা মোক মোৰ ছোৱালীজনী লাগে, তাইক অতদিনে নাই দেখা। মাক জনী মৰিল এটা বেমাৰত এতিয়া তাই ইয়াতে আছে বুলি শুনিছোঁ। মই কিমান ৰখাব চেষ্টা কৰিলোঁ তাইক কিন্তু তাইক মোৰ পৰা কাঢ়ি লৈ গ'ল। 
ককা- কি? কোনে লৈ গৈছে তাইক?
কংকন- তাইৰ মাহীয়েকে তাইক ইয়াত কাৰোবাৰ তাত বেছি দিছে, মই পলাই বিয়া কৰিছিলোঁ তো, আৰ্ৰে শাস্তি দিয় মোক দে কিন্তু তাইক কিয়? (কংকনে হুকহুকাই কান্দি উঠিল)

ককাই কংকনক উদ্দেশ্যি ক'লে তই আধি নকৰিবি, মই কাঞ্চনক লৈ আহিম। কাঞ্চনৰ নাম ককাৰ মুখত শুনা লগে-লগে কংকন জাঙুৰ খাই উঠিল। আপুনি! আপুনি কেনেকে জানে তাইৰ নাম কাঞ্চন বুলি? সিংহই মৃগ‌ পহুৰ ওপৰত জঁপিওৱা দি কংকনে প্ৰৌঢ় ব্যক্তিজনৰ ডিঙি চেপি ধৰিলে। সি ইমান জোৰেৰে চেপি ধৰিছিল যে বৃদ্ধ মানুহজন থিতাতে নিহত হ'ল। অলপ সময় পিছত সি তেখেতৰ ডিঙিটো এৰি দি মৃত ব্যক্তিজনৰ ওচৰত বাগৰি ৰ'ল। শুই শুই সি ঈশিৰক ফোন লগালে।
কংকন- হেল্ল ঈশিৰ, কাম হৈ গ'ল। বুঢ়া আৰু নাই এই দুনিয়াত। তই আহি যা।

To be continued.....(Part 3/ Ending coming soon)

  - কুমাৰ কৃষ্ণ শৰ্মা


*Words and meanings*

• নিস্মৰ- Silence

• মনস্তাপ- Grief

• তিতিক্ষা- Endurance

• গিজগিজ- Crowded

• পৰিযায়ী- Passanger

• মৰং- Toilet

• ৰদ-বদল- Modify

• অথৰ্ব- Old aged

• আধি- Worry

Monday, November 4, 2019

**সন্ধ্যাতৰা**

**সন্ধ্যাতৰা**

প্ৰথম খণ্ড

অনুগ্ৰহ কৰি মন কৰিব ৰেলগাড়ী সংখ্যা ৫৫৪৬৭ উজনি মুৱা দ্ৰুতবেগী বগীবিল  এক্সপ্ৰেছ অনতি পলমে প্লেটফৰ্ম নম্বৰ দুইত আহি পাবহি। 
লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ যোৱা এই ট্ৰেইন খনৰ লগত বহুতো তিতা-মিঠা ৰোমন্থন জৰিত হৈ আছে কংকনৰ। কংকনে ৰেলৰ ভিতৰত তাৰ দিনলিপি খন উলিয়াই এটা স্ৱল্প হাঁহি মাৰি লিখিব ল'লে। 
  প্ৰতি অনাদ্যা,
     আশাকৰোঁ তোমাৰ চব অভুদ্যয়ে আছে। মোৰ ফালৰ পৰা উদ্বৃত্ত মৰম লবা। তোমাক লগ পোৱা আজি ৬ বছৰ হৈ গ'ল। যোৱা কালি ঈশিৰ এ আহি ক'লে তুমিহেনো ডিব্ৰুগড়ত থকা আজিকালি। নোৱাৰিলোঁ বুজিছানে। তোমাৰ এটা এতলা পাই মোৰ মনতোৱে থৌকি-বাঠৌ হৈ এবাৰ বিহু নাচি‌ এ পেলালে। আস্থানৰ কাষেৰ সৰণীত কপৌফুল লাগি আছিল, তুমি ভালপোৱা বাবেই চিঙি আনিলো। আমাৰ ঘৰৰ আগৰ জামগছ দালৰ উৰসত এতিয়াও জঙ্গম হৈ আছে তুমি লেখা সেই মৰমৰ আখৰ কেইতা। মই এতিয়াও সজতনে ৰাখিছোঁ দিয়া। আমি খেলা আমগছ দালৰ সৰাপাতত এতিয়াও মই তোমাৰ আৰু মোৰ নাম লিখি পুটি থৈ দিওঁ। তোমাৰ চোন মনপচন্দ খেল আছিল, পাহৰিলা নেকি? আমাৰ ওচৰ- চুবুৰীয়াই আজিও মোক তোমাৰ নামৰ পাগল বুলি কয়। মই সিঁহতক কৈ দিছোঁ তাইক বেয়াকৈ ন'কবি দেই। আজি ইমান বছৰৰ মূৰত তোমাৰ ওচৰলৈ গৈ আছোঁ, আশাকৰোঁ তোমাৰ হাতৰ সেই অপ্ৰসস্ত ইৰা খাবলৈ পাম। আৰ্ৰে! তুমি চাগে মজাহ খানা বনোৱা আজিকালি। মই জানা যোৱা পৰহী ঘৰ বিচাৰি পালোঁ অবশেষত। ইমান দিন ধৰি ক'ত আছিলোঁ গমেই নাপালোঁ। ঘৰৰ কোনেও নাজানে যে মই আজি তোমাৰ কাষলৈ গৈ আছোঁ। আমি যে পলাই গৈ কামাখ্যাত বিয়া কৰিছিলোঁ মনত আছেনে তোমাৰ? 
    কংকনে হাতখন জোঁকাৰি দি কলমটো দিনপঞ্জীৰ মাজত থৈ ওলপ ইফাল-সিফাল চালে আৰু পকেটত হাত সুমাই চিগাৰেটৰ পেকেটতো উলিয়াই এটা জ্ৱলাই লৈ ৰেলৰ গৱাক্ষৰে নিজৰ হাতখন উলিয়াই দি বতাহত অ...না...দ্যা লিখিব ল'লে। ৰেললাইনৰ কাষৰ ৰাস্তাটোত থিয় দি থকা এটা সৰু লৰাক দেখি সি হাতবাউলি তাক অভিনন্দন জনালে। পিছপিনে ঘুৰি চোৱা লগে লগে সদলবলে ৪-৫ জনিয়া জাউৰি এটাই তাক ঘেৰি লৈ চোলাত ধৰি চোঁচৰাই লৈ গ'ল। মো....ক নামাৰিব! মাৰিছে কিয়? কি...(ৰক্তাক্ত মূখখনৰ পৰা তেজ বৈ গ'ল) কি কৰিছোঁ মই? কংকনে তিৰোতা এজনিৰ ভৰিত ধৰি ওপৰৰ পিনে চালে। তাই লাহে-লাহে তলৰ পিনে আহি তাৰ গলত খামুচি ধৰিল। তোমাক কৈছিলো নহয় নাহিবা এইপিনে, কিয় আহিছা? গুচি যোৱা (এইবুলি কৈ সিঁহত তাক এৰি আগৰ দাব্বা তোলে গুচি গল)। কংকনে লাহেকে মুৰতো দাঙি চালে আৰু তিৰোতা জনিয়ে আঙুলিৰে কলে নাহিবি আৰু...গুচি যা। কংকনে তাত ধলি পৰিল আৰু সিঁহতে ট্ৰেইনৰ চেইন দাল তানি তলত নামি নদীৰ সোঁতত কেৰিমেৰি গৈ এটা ক্ষনত নেদেখা হ'ল। কংকনে হঠাৎ সাৰপাই সজোৰে আস্ফালন কৰি ক'লে মোক তাইক লাগে, কৈ বেহুচ হৈ তাত পৰি ৰ'ল।

To be continued.....

   - কুমাৰ কৃষ্ণ শৰ্মা

*Words and meaning*

ৰোমন্থন- Memory
• অভুদ্যয়- Welfare
• উদ্বৃত্ত- Excessive
• এতলা- News
• সৰণী- Street
• উৰস- Chest
• জঙ্গম- Living
• অপ্ৰসস্ত- Very bad
• ইৰা- Food
• গৱাক্ষ- Window
• জাউৰি- Group
• কেৰিমেৰি- Zigzag


*Irresolute U-turn of the world*

*Irresolute U-turn of the world*   World is a safe place, a place where human civilization thrived and flourished over time. A ...